নলবাৰী,২১ চেপ্তেম্বৰ:শাৰদীয়দূৰ্গা পুজালৈ মাজত মাথো কেইটামান দিন বাকী । উজনি নামনিত দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি(Durga Puja 2022 in Assam) । ৰজা নাগক্ষৰ দিনতে স্থাপিত নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়তো চলিছে দূৰ্গা পূজাৰ ব্যাপ প্ৰস্তুতি(Durga Puja Preparation at Nalbari) ৷ দুশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপিত ঐতিহাসিক দেৱালয়খনত বছৰৰ পিছত বছৰ ধৰি চলি আহিছে নৱৰাত্ৰি পূজা ৷
প্ৰতিপদ তিথিৰ পৰা এইখন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত বিজয়া দশমীলৈকে দূৰ্গতি নাশিনী দেৱী দূৰ্গাক নটা ৰূপত কৰা হয় পূজা অৰ্চনা ৷ ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰে কেৱল মাত্ৰ আধ্যাত্মিকতাক গুৰুত্ব দিয়ে অনুষ্টুপীয়াকৈ কৰা হৈছিল দেৱীৰ পূজা অৰ্চনা ৷ পিছে এইবাৰ ক’ভিড পৰিস্থিতি সুস্থ হোৱাত বিশাল ভাৱে আয়োজন কৰা হৈছে দূৰ্গা পূজাৰ ৷
ব্যয়বহুল বাজেটৰে অহা ২৬ ছেপ্তেম্বৰৰ পৰা ৫ অক্টোবৰলৈ বিল্বেশ্বৰ দেৱালয়ত চলিব দেৱীৰ আৰধনা ৷ এইবেলি বিল্বেশ্বৰ দেৱালয়ত প্ৰায় দুই লক্ষাধিক ভক্তৰ আগমন হোৱাৰ ইংগিত প্ৰদান কৰিছে কৰ্তৃপক্ষই । হাতীত আগমন আৰু নৌকাত গমন হ'বলগীয়া এইবাৰৰ দেৱী দূৰ্গাক আদৰিবলৈ সাজু হৈছে দেৱালয় কৰ্তৃপক্ষ ৷ সাজু কৰি তোলা হৈছে সকলো দিশ ৷ চলি আছে অস্থায়ী ৰভা-পেণ্ডেলৰ কাম ৷ চাফচিকুণ কৰাৰ লগতে ৰং তুলিকাৰে দেৱালয় আকৰ্ষণীয় কৰাৰ বাবে ভীষণ ব্যস্ততা দেৱালয় কৰ্তৃপক্ষৰ ৷