নলবাৰী, 6 ডিচেম্বৰ:গৰাখহনীয়াত সৰ্বস্বান্ত নৈপৰীয়া ৰাইজ । বছৰে বছৰে উচন হৈছে ৰাজ্যৰ বহু প্ৰান্তৰ বহু লোকৰ ভূমি । হেৰুৱাইছে সপোনৰ ঘৰখন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে । নলবাৰীৰ মুকালমুৱাতো দেখা গৈছে গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ(Massive Erosion at Mukalmua) । নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ ২নং কাপলাবড়ীত গৰাখহনীয়া ৰোধৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰতে নৈপৰীয়া ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ(Public protest demanding prevention of erosion) ।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নৈৰ কাপলাবড়ী অঞ্চলত গৰাখহনীয়াৰ কবলত পৰিছে কেইবাখনো গাঁও । প্ৰতি বছৰে হোৱা ব্ৰহ্মপুত্ৰৰ নৈৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যেই নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে শ শ পৰিয়াল । ভূমিহীন হৈ পৰিছে বহু পৰিয়াল (flood erosion affected people of Mukalmua) । গৰাখহনীয়াৰ ফলত শ শ বিঘা কৃষিভূমি ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে । বানপানী আহিলেই আতংকিত হৈ পৰে অঞ্চলটোৰ নৈপৰীয়া ৰাইজ ।
এতিয়া পিছে বানপানী নাই যদিও অব্যাহত আছে ভয়াৱহ গৰাখহনীয়া । আনহাতে জলসম্পদ বিভাগে খৰালি কালত কাম কৰাৰ সলনি বাৰিষা কালতহে কাম কৰিবলৈ আহে বুলি অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে । যাৰ বাবে অঞ্চলটোৰ গৰাখহনীয়াৰ এক স্থায়ী সমাধান বিচাৰি ২নং কাপলাবড়ীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।