মৌলিক অধিকাৰৰ বাবে নলবাৰীত প্ৰতিবাদ নলবাৰী,২৮ জানুৱাৰী :চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নলবাৰী জিলাৰ একাংশ প্ৰকৃত হিতাধিকাৰী । চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক খেলিমেলিৰ অভিযোগ একাংশ দৰিদ্ৰলোকৰ । বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ লোকে (Protest at Nalbari)।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ লাখ লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰা হৈছে (Pradhan Mantri Awas Yojana)। বৰ্তমানো এই আঁচনিৰ অধীনত বহু স্থানত চৰকাৰী ঘৰ আৱণ্টন দিয়া হৈছে দৰিদ্ৰ পৰিয়ালক । কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই আঁচনিত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে (PMAY scam)। প্ৰতিদিনে বিভিন্ন জিলাত একাংশ হিতাধিকাৰীয়ে প্ৰতিবাদো অব্যাহত ৰাখিছে ।
এইবাৰ নলবাৰী জিলাৰ মুকালমুৱাৰ চৰাঞ্চলৰ ন-পাৰা পামত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ হিতাধিকাৰীয়ে । পঞ্চায়তৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হিতাধিকাৰীসকলে (PMAY scam in Nalbari)। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ৬১ নং ঘোগা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ন-পাৰা পামত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে ।
PMAY আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ লোকসকলে চৰকাৰী আবাস গৃহ বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিভাগীয় বিষয়া কৰ্মচাৰীৰ হেমাহি তথা পঞ্চায়ত প্ৰতিনিধিক ধন দিব নোৱাৰাৰ বাবেই দৰিদ্ৰ লোকক চৰকাৰী আবাস গৃহৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে ।
উল্লেখ্য যে ২০১১ চনৰ অৰ্থনৈতিক লোকপিয়লত দৰিদ্ৰ বুলি চিনাক্ত হোৱাৰ পাছতো বিভাগীয় বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে PMAY আঁচনিত নাম অন্তৰ্ভুক্ত নহ'ল অঞ্চলটোৰ একাংশ লোকৰ । ইয়াৰোপৰি একাংশ লোকৰ PMAYৰ তালিকাত আইডি নম্বৰ থকাৰ পাছতো পঞ্চায়ত প্ৰতিনিধিক ধন দিব নোৱাৰাৰ বাবে চৰকাৰী আবাসগৃহ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে । সেয়ে হাতে হাতে উপযুক্ত নথিপত্ৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলটোৰ লোকসকলে । অতিশীঘ্ৰে বিষয়টো তদন্ত কৰি যোগ্য ব্যক্তিক চিনাক্ত কৰি চৰকাৰী আৱাস গৃহ প্ৰদানৰো দাবী জনাই লোকসকলে ।
কেৱল নলবাৰী বুলিয়ে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়তৰ প্ৰতিনিধি আৰু বিষয়া-কৰ্মচাৰীৰ বাবে যোগ্য হিতাধিকাৰী চৰকাৰী গৃহ লাভৰ পৰা বঞ্চিত হৈছে । কিন্তু চৰকাৰে এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ'ব ?
লগতে পঢ়ক :Son Killed Mother: নলবাৰীৰ সাগৰকুছিত মাতৃক নৃশংসভাৱে হত্যা পুত্ৰৰ