নলবাৰী, ১৫ ফেব্ৰুৱাৰী: নলবাৰীত জিলা বজৰং দলৰ তীব্ৰ প্ৰতিবাদ । শতাধিক প্ৰতিবাদকাৰীয়ে নলবাৰী উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে । বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে উপাযুক্তৰ কাৰ্যালয় ।
বজৰং দলৰ কৰ্মী ৰিংকু শৰ্মাৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে উপাযুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
নলবাৰী জিলা বজৰং দলৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ উল্লেখযোগ্য যে, দিল্লীত ৰাম মন্দিৰৰ নিধি সংগ্ৰহ কৰি আহি থকা অৱস্থাত জয় শ্ৰা ৰাম ধ্বনি দিয়াত জেহাদী কেইজন মানে নিৰ্মমভাৱে হত্যা কৰিছিল ৰিংকু শৰ্মাক । আনহাতে সংগঠনটোৱে জয় শ্ৰী ৰাম, ৰিংকু শৰ্মা অমৰ হওঁক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক উচিত শাস্তিৰ দাবী জনায় ।
অৱশ্যে ইতিমধ্যে এই হত্যাকাণ্ডৰে জৰিত চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক: শ্বহীদ দুৰ্লভ গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি