অসম

assam

টিহুত শতাধিক আছু কৰ্মীৰ জোঁৰ সমদল

By

Published : Aug 24, 2019, 10:13 PM IST

টিহু আছুৰ মুখ্য কাৰ্যলয়ৰ পৰা বাহিৰ কৰা এই বৃহৎ জোঁৰ সমদল টিহু নগৰৰ ৰাজপথেৰে গৈ পুনৰ ঘুৰি আহি আছুৰ মুখ্য কাৰ্যলয়ত সমাপ্ত হয় ৷

টিহুত আছুৰ জোঁৰ সমদল

নলবাৰী, 24 আগষ্টঃ টিহুৰ আছুৰ কাৰ্যলয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ ৷ পাঁচ দিন উকলি যোৱাৰ পিচতো দোষীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী ৷ দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আছুৰ জোঁৰ সমদল ৷
। দোষীক কৰায়ত্ব কৰাৰ দাবীতে শনিবাৰে সন্ধিয়া টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ দুই শতাধিক সদস্যই বৃহৎ জোঁৰ সমদলৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে টিহু আছুৰ মুখ্য কাৰ্যলয়ৰ পৰা বাহিৰ কৰা এই বৃহৎ জোঁৰ সমদল টিহু নগৰৰ ৰাজপথেৰে গৈ পুনৰ ঘুৰি আহি আছুৰ মুখ্য কাৰ্যলয়ত সমাপ্ত কৰে । প্ৰতিবাকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, টিহু আৰক্ষী হায় হায়, দুষ্ট চক্ৰ নিপাত যাওক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শীঘ্ৰে দোষীক কৰায়ত্ব নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে আছুবে ।

টিহুত আছুৰ জোঁৰ সমদল

ABOUT THE AUTHOR

...view details