অসম

assam

ETV Bharat / state

নলবাৰীত এজেওৱাইচিপিৰ পথ অৱৰোধ - অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ

নিৰ্বাচনৰ পূৰ্বে দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত । এইবাৰ প্ৰতিবাদৰ সময়ত ৰাজপথতেই আৱদ্ধ হ'বলগীয়া হয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা ।

নলবাৰীত এজেওৱাইচিপিৰ পথ অৱৰোধ
নলবাৰীত এজেওৱাইচিপিৰ পথ অৱৰোধ

By

Published : Feb 25, 2021, 3:36 PM IST

নলবাৰী, ২৫ ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ বিজুলীঘাট কৰিয়াত হাজো-নলবাৰী পথচোৱাৰ বিধস্ত ৰূপ দেখি ক্ষোভিত নলবাৰী জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । ফলত বুধবাৰে তীব্ৰ প্ৰতিবাদত নামি পৰিল সংগঠনটো । উক্ত পথচোৱা অৱৰোধ সংগঠনটোৰ । প্ৰতিবাদৰ সময়ত পথচোৱাত যান যঁটৰ সৃষ্টি হোৱাত আৱদ্ধ হ'বলগীয়া হয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা ।

বিধায়কগৰাকীক দেখি অধিক প্ৰতিবাদমুখৰ হৈ পৰিল নলবাৰী জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । নাৰায়ণ ডেকা মুৰ্দাবাদ, সুমন হৰিপ্ৰিয়া মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে সংগঠনটোৱে উত্তাল কৰি তোলে ৰাজপথ । ইফালে, সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি থাকোতে বিধায়ক নাৰায়ণ ডেকা উপস্থিত হৈ অতিশীঘ্ৰে উক্ত পথচোৱাৰ কাম আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰে ।

সদা ব্যস্ত এই পথচোৱাৰে দৈনিক আহ-যাহ কৰে হাজাৰ হাজাৰ লোক । যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে নিতৌ শ শ লোকে । লক্ষণীয় যে, পৰিৱৰ্তনৰ লক্ষ্যৰে শাসনৰ গাদী দখল কৰা চৰকাৰে প্ৰায় পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ পাচতহে চকু পৰিল বিধায়কগৰাকীৰ । পথচোৱাৰ মেৰামতিৰ বাবে সংগঠনটোৱে বিধায়কগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:চাহ শ্ৰমিকৰ মজুৰি বাঢ়িল মাত্ৰ ৫০ টকা !

ABOUT THE AUTHOR

...view details