মুকালমুৱা,১৪ ছেপ্টেম্বৰ :এগৰাকী দহ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুৱে জোঁকাৰিছে নলবাৰীৰ মুকালমুৱা (Student mysterious death in Mukalmua)৷ মুকালমুৱাৰ কান্ধবাৰী হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ছোনিয়া পাৰবিনৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ কান্ধবাৰী গাঁৱৰ মৎস্য ব্যৱসায়ী চাধুল্লা আলীৰ দহ বছৰীয়া কন্যা ছোনিয়া পাৰবিনৰ যোৱা ৮ ছেপ্টেম্বৰত দিনৰ ১১ মান বজাত নিজ গৃহত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা ক্ৰমে উত্তেজনাৰ সৃষ্টি হৈ আহিছে অঞ্চলটোত ৷ ছাত্ৰীগৰাকীৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খাইছে চুবুৰীয়া জাকিৰ হুছেইন, মতিউৰ ৰহমানসহ কেইবাজনো লোকৰ ৷
ছাত্ৰীগৰাকীৰ মাতৃ আস্নাফুল বেগমে জানিবলৈ দিয়া মতে মুকালমুৱা চণ্ডি মেধি বালিকা বিদ্যালয়ত শিক্ষকতা কৰা জাকিৰ হুছেইনে সেইদিনা পুৱা ছাত্ৰীগৰাকীক চুৰিকাৰ্যত জড়িত থকাৰ অভিযোগত কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল ৷ ইমানে নহয় মাতৃৰ অভিযোগ অনুসৰি স্থানীয় মতিউৰ ৰহমানসহ কেইবাজনো লোকক ঘটনা সংক্ৰান্তত অৱগত কৰি জাকিৰ হুছেইনে ঘৰলৈ মাতি আনি পত্নী ৰাচিদা বেগমৰ লগতে ছাত্ৰীগৰাকীৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ আৰু অকথ্য নিৰ্যাতন ৷ মাতৃয়ে অভিযোগ কৰা মতে জাকিৰ হুছেইনৰ গৃহত তেওঁ উপস্থিত হৈ সমগ্ৰ ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল ৷
মাতৃ আস্নাফুল বেগমে জাকিৰ হুছেইনসহ আক্ৰমণকাৰী দলটোক অনুনয় বিনয় কৰি কন্যাক তেওঁলোকৰ কৱলৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে ৷ তাৰ পিছতেই ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়লৈ বুলি ওলাই যায় ৷ কিন্তু বিদ্যালয়লৈ বুলি ওলাই যোৱা ছাত্ৰীগৰাকীৰ মৃতদেহ হঠাতে তেওঁলোকৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় (Student suicide case at Nalbari)। ছাত্ৰীগৰাকীৰ এনে মৃত্যু সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷