নলবাৰী, ১৩ ফেব্ৰুৱাৰী:নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰৰ প্ৰতিবাদ আজিও অব্যাহত আছে (Shaheed Mukunda Kakati Civil Hospital)। চহৰখনৰ মাজমজিয়াৰ পৰা এই চিকিৎসালয়খন ১৪ কিলো মিটাৰ নিলগৰ দক্ষিগাঁৱত নিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংলগ্ন কৰাত ক্ষুব্ধ হৈছে একাংশ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন । এই স্থানান্তৰক লৈ প্ৰতিবাদো জনাইছে দল-সংগঠনে । ইয়াৰ মাজতেই চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা বেচৰকাৰী বিদ্যালয়সমূহ স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখিছে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলে (Protest against Shifting of Nalbari Civil Hospital)।
উল্লেখযোগ্য যে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ বহিঃবিভাগৰ সকলো যাৱতীয় সামগ্ৰীকে আদি কৰি চিকিৎসক ,নাৰ্ছ সকলক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰাত অসামৰিক চিকিৎসালয়খনত স্বাস্থ্য সেৱাৰ পৰা জনতা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে (Shifting of Nalbari Civil Hospital)। এনে ক্ষোভৰ মাজতে নলবাৰীৰ দল-সংগঠনকে ধৰি বিৰোধী কংগ্ৰেছেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ।
শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ কাম-কাজ স্থৱিৰ হোৱাৰ দিশে গতি কৰাত চিন্তিত হৈ পৰিছে চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে সচেতন ৰাইজ (New medical college in Nalbari)। কিয়নো নলবাৰী চহৰৰ মাজমজিয়াত চিকিৎসালয়খন থকাত দূৰণিবটীয়া ৰোগীসকল বিশেষকৈ টিহু, পশ্চিম নলবাৰী, মুকালমুৱা, সৰ্থেবাৰীৰ লগতে বাক্সা জিলাৰ ৰোগী সকলে সহজতে স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হৈছিল ।