অসম

assam

By

Published : Aug 20, 2020, 9:06 PM IST

ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰী বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিবাদ

বৃহস্পতিবাৰৰ দিনটোত প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত ব্যাপক কেলেংকাৰী প্ৰতিবাদত সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৱে ৰাজ্যৰ ভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ ৷

Protest against coruption of minority scholarship
Protest against coruption of minority scholarship

নিউজ ডেক্স,20 আগষ্ট: প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰেক্ষাপটত দেখা গৈছে এই ছবি ৷ কিয়নো ৰাজ্যত সংঘটিত হৈছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ব্যাপক কেলেংকাৰী ৷ এই কেলেংকাৰীৰ প্ৰতিবাদত সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৱে ৰাজ্যৰ ভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ ৷ অন্যান্য প্ৰান্তৰ দৰে গোৱালপাৰাতো গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

আমছুৰ প্ৰতিবাদ

নলবাৰী:সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৰাজ্যত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ নামত সংঘটিত বৃহৎ কেলেংকাৰীৰ তদন্ত বিচাৰি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সংখ্যালঘূ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে বিষয়টোৰ চিবিআই তদন্ত দাবী কৰে ৷

বঙাইগাঁও: বঙাইগাঁৱতো আমছুৰ নিৰ্দেশত পালন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷ উত্তৰ শালমাৰা সমিতিৰ উদ্যোগত আৰু যোগীঘোপা আঞ্চলিক সমিতিৰ সহযোগত যোগীঘোপাত মুখ্যমন্ত্ৰী আৰু অসমৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সংখ্যালঘু ছাত্ৰ বৃত্তি ধনৰ কেলেংকাৰী বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিবাদ

ধুবুৰী:ধুবুৰী জিলাত আমছুৱে পাণবাৰীৰ সমীপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰণজিৎ দত্তৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথটো আৱদ্ধ কৰি ৰখাত সৃষ্টি হয় তীব্ৰ যান-জঁট ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত বগৰীবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ।

সংখ্যালঘু ছাত্ৰ বৃত্তি ধনৰ কেলেংকাৰী বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাৰ গান্ধী চ’কত আমছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰী সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহেৰে সংগঠনটোৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে আমছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

লগতে চাওকঃআছুৰ ৰাজনৈতিক দল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details