নলবাৰী, 29 ডিচেম্বৰঃ নলবাৰীত খিলঞ্জীয়াৰ গণ হুংকাৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গৰজি উঠিল শিল্পী সমাজ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত নলবাৰী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’ব জুবিন গাৰ্গকে ধৰি কেইবাজনো শিল্পীয়ে ৷ লগতে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনো শীৰ্ষ নেতাই ৷ ইতিমধ্যে সহস্ৰাধিক লোকৰ সমাগমত অসমৰ আগশাৰীৰ তথা নাগৰা নামৰ জেষ্ঠ শিল্পী ৰামচৰণ ভড়ালী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই নিজৰ বক্তব্য প্ৰদান কৰে ৷
নলবাৰীত খিলঞ্জীয়াৰ গণ হুংকাৰ - পলাশ চাংমাই
নলবাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ খিলঞ্জীয়াৰ গণ হুংকাৰ । অংশগ্ৰহণ কৰে নাগৰা নামৰ জেষ্ঠ শিল্পী ৰামচৰণ ভড়ালীয়ে ৷
নলবাৰীত খিলঞ্জীয়াৰ গণ হুংকাৰ
শিল্পী ৰামচৰণ ভড়ালীয়ে নিজৰ নাগাৰা নামৰ জৰিয়তেই এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে ৷ আনহাতে পলাশ চাংমাইয়ে কয় যে ডাঙৰ ডাঙৰ নেতাক ৰাইজে ওফৰাই পেলাইছে আৰু এই চৰকাৰকো নিশ্চই ৰাইজে গাদীচ্যুত কৰিব বুলিও উল্লেখ কৰে ৷