অসম

assam

ETV Bharat / state

জগত সভাৰ পৰা মেলানী মাগিলে ‘পূৰ্ব ভাৰতী’ৰ শ্ৰষ্টাই - Professor Sashi Sarma passed away

চিন্তাবিদ, সাহিত্যিক, বুদ্ধিজীৱী, অধ্যাপক শশী শৰ্মাৰ দেহাৱসান ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা ইহলীলা সম্বৰণ কৰে বিশিষ্ট বামপন্থী নেতাগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ ।

Professor Sashi Sarma passedway
জগত সভাৰ পৰা মেলানী মাগিলে ‘পূৰ্ব ভাৰতী’ৰ শ্ৰষ্টাই

By

Published : Jan 29, 2020, 7:41 AM IST

Updated : Jan 29, 2020, 8:01 PM IST

নলবাৰী, 29 জানুৱাৰীঃ অসমীয়া সাহিত্যজগতৰ মহীৰূহ, অধ্যাপক শশী শৰ্মা আৰু নাই ৷ অভিভাৱকবিহীন হ’ল নলবাৰীবাসী ৷ সৰলতাৰে ভৰপুৰ এইগৰাকী পুৰোধা মনিষী শ্ৰদ্ধাৰ শশী শৰ্মা, নামেই যাৰ পৰিচয় ৷ সঁচা অৰ্থত অৱসান ঘটিল এক আকাশলংঘী ব্যক্তিত্বৰ ৷ চিন্তাবিদ, সাহিত্যিক, বুদ্ধিজীৱী, অধ্যাপক শশী শৰ্মাই মঙলবাৰে অৰ্থাৎ 28 জানুৱাৰীত সকলোকে শোকস্তব্ধ কৰি গুচি যায় এই সংসাৰৰ মায়া এৰি ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা ইহলীলা সম্বৰণ কৰে অধ্যাপক শশী শৰ্মাই । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ । নিশা প্ৰায় ন বজাত সাহিত্যিকগৰাকী হঠাতে নিজ বাস ভৱনত অসুস্থ হৈ পৰে । তেওঁক ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

জগত সভাৰ পৰা মেলানী মাগিলে ‘পূৰ্ব ভাৰতী’ৰ শ্ৰষ্টাই

এই বিশাল ব্যক্তিত্বক এটা প্ৰতিবেদনত সামৰা সম্ভৱ নহয় ৷ গান্ধীবাদী আদৰ্শেৰে অনুপ্ৰাণিত হোৱা শশী শৰ্মা পিচলৈ সাম্যবাদ আন্দোলনৰ এগৰাকী অংগাংগী ব্যক্তিৰূপে জড়িত হৈ পৰে ৷ তেওঁৰ সাহিত্য চৰ্চাত উকমুকনি ঘটিবলৈ ল’লে মাৰ্ক্সীয় চিন্তা তথা গৰ্কী, লু-চ্যান, টলষ্টয় আদিৰ দৰে সাম্যবাদী যুগদ্ৰষ্টাৰ ৷ তথাপিও নতুন পুৰুষক বাট দেখুৱাইছিল নতুন সমাজ গঢ়িবলৈ ৷ তেওঁ বুজিছিল শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ সমাজ ৰূপান্তৰক ৷ লক্ষ্মীনাথ, পদ্মনাথ, জ্যোতি-বিষ্ণুৰ সৃষ্টিৰ দলিলেৰে ৰচিছিল সমাজ গঢ়াৰ নতুন লক্ষ্যক ৷

লিখি গৈছিল ইখনৰ পিচত সিখন গ্ৰন্থ ৷ লিখিছিল বিশ্বৰ মহা মহা মনিষীৰ জীৱন বৃত্তান্ত 70ৰ দশকতেই ৷ নজৰুল, মাৰ্ক্স, মেণ্ডেলাৰ জীৱনৰ আলোকিত অলেখ গ্ৰন্থৰ ৷ বিজ্ঞানৰ লগত সমাজৰ কু-সংস্কাৰ আঁতৰাবলৈ লিখিছিল বিজ্ঞান আৰু আমাৰ সমাজ নামৰ গ্ৰন্থ ৷ গণশত্ৰু, সাহিত্যত আধুনিকতা, সাহিত্য আৰু সংস্কৃতি আদি গ্ৰন্থ তেওঁৰ সাহিত্য জগতলৈ মহা অৱদান ৷ নলবাৰী মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ সময়তে সমাজ-সংস্কৃতি আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে অঞ্চলটোক আগুৱাই নিবলৈ 1972 চনতেই ‘বিশ্ব ভাৰতী’ৰ আৰ্হিত নলবাৰীত স্থাপন কৰিছিল পূৰ্ব ভাৰতী ৷ ইয়াৰ সহযোগিতাকাৰী ত্ৰৈলোক্যনাথ গোস্বামীও আছিল ৷ তেওঁৰ অৱদান অসমীয়া বৌদ্ধিক আৰু সাহিত্যজগতত অনস্বীকাৰ্য ৷

কাহানিও বঁটা বাহনৰ দৌৰত নোযোৱা ব্যক্তিগৰাকীয়ে কিন্তু বিভূষিত হৈছিল কেইবাটাও বঁটাৰে ৷ শতাধিক গ্ৰন্থৰ শ্ৰষ্টা শশী শৰ্মাই 1968 চনতেই লাভ কৰিছিল ‘ছোভিয়েট দেশ নেহৰু শান্তি’ বঁটা ৷ ইয়াৰোপৰি অসম সাহিত্য সভাৰ সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা তথা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰেও সন্মানিত হৈছে শশী শৰ্মা ৷ সন্মানৰ উৰ্দ্ধত এইগৰাকী ব্যক্তি যদিও আজিও বঞ্চিত সাহিত্য অকাডেমী তথা শংকৰদেৱ বঁটাৰ পৰা ৷ তেওঁৰ মহানুভৱতা তথা সৰলতাৰ ইমানেই যে গগণচুম্বী ব্যক্তিত্বৰ অধিকাৰী হৈও নিজৰ ঘৰ তথা নিজৰ সকলো দান কৰিছে নিজৰ জীৱন্ত কালতে ৷ তথাপিও জীৱিতকালত অৱহেলিত তথা কিছু ক্ষেত্ৰত হৈ থাকিল প্ৰচাৰবিমূখ ৷ তেওঁৰ মৃত্যুৱে পূৰাব নোৱাৰিব সাহিত্যজগতৰ তেওঁৰ স্থানক ৷ সাহিত্য তথা সমাজক শূণ্যতা প্ৰদান কৰি তেওঁ গ’ল বিমূৰ্ত জগতলৈ ৷

জগত সভাৰ পৰা মেলানী মাগিলে ‘পূৰ্ব ভাৰতী’ৰ শ্ৰষ্টাই

শশী শৰ্মা এগৰাকী ব্যক্তি নহয় নিজেই এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল জীৱন্ত কালতেই ৷ মানৱ কল্যাণৰ নামতেই উচৰ্গিত তেওঁৰ দেহাৱসানে শোকত ম্ৰিয়মান কৰিছে গুণমুগ্ধসকলক ৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু সংখ্যক লোকে তেওঁৰ জাপাৰকুছিস্থিত গৃহত ভিৰ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনি কন্যা আৰু বহু আত্মীয়ক এৰি থৈ যায়। উল্লেখযোগ্য যে বিশিষ্ট পণ্ডিতগৰাকীয়ে ২০০৩ চনতে গুৱাহাটী মেডিকেল কলেজলৈ মৰণোত্তৰ দেহদান কৰি গৈছে। আজি বিশিষ্ট সাহিত্যিকগৰাকীৰ নশ্বৰ দেহ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় বাকৰিলৈ লৈ অহাৰ পিছত জিলাখনৰ বিভিন্ন দল-সংগঠনে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইফালে ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্য্যদাৰে জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে তেওঁৰ পাৰ্থিৱ দেহ জিএমচিএইচলৈ নিয়াৰ লগতে চকু যুৰি ইতিমধ্যে শংকৰদেৱ নেত্ৰালয়ে চমজি লয় । আনহাতে তেওঁ নিজৰ ঘৰ মাটিও চিপিএম দলক দান কৰি গৈছে । ইটিভি ভাৰতৰ পৰিয়ালৰ তৰফৰ পৰাও জনাইছো এইগৰাকী বিশাল ব্যক্তিত্বৰ গভীৰ শ্ৰদ্ধাঞ্জলী ৷

আৰু পঢ়কঃবিশিষ্ট চিন্তাবিদ, লিখক শিক্ষাবিদ শশী শৰ্মাৰ দেহাৱসান

Last Updated : Jan 29, 2020, 8:01 PM IST

ABOUT THE AUTHOR

...view details