অসম

assam

ETV Bharat / state

নগাঁৱত ভাৰতীয় বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি সাংসদ প্ৰদ্যুত বৰদলৈৰ - শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

চীনে দিয়া ধমকৰ আমি উপযুক্ত প্ৰত্যুত্তৰ দিব লাগিব- নগাঁৱত ভাৰতীয় বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য সাংসদ প্ৰদ্যুত বৰদলৈৰ ।

নগাঁৱত ভাৰতীয় বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি সাংসদ প্ৰদ্যুত বৰদলৈৰ
নগাঁৱত ভাৰতীয় বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি সাংসদ প্ৰদ্যুত বৰদলৈৰ

By

Published : Jun 20, 2020, 12:03 AM IST

নগাঁও, 19 জুনঃ চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা 20 গৰাকী ভাৰতীয় সেনাৰ বীৰ শ্বহীদলৈ নগাঁৱত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ "চীনৰ ধমকিৰ উপযুক্ত প্ৰত্যুত্তৰ আমি দিব লাগিব"-শুকুৰবাৰে নগাঁও কলেজ পইণ্টত কংগ্ৰেছ দলে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এই মন্তব্য কৰে ৷ লগতে তেওঁ চীনৰ ওপৰত নিৰ্ভৰ কৰিব নলগাকৈ আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলিও প্ৰকাশ কৰে ৷

নগাঁৱত ভাৰতীয় বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি সাংসদ প্ৰদ্যুত বৰদলৈৰ

উল্লেখ যে, 15 জুনৰ নিশা লাডাখৰ চীনা সীমান্তত ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত হোৱা হতা হতিত 20 গৰাকী ভাৰতীয় সেনা শ্বহীদ হৈছিল ৷ সেই শ্বহীদ সকলৰ স্মৰণতে আজি নগাঁওত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল ৷ আনহাতে চীনৰ এই বৰ্বৰতাৰ পাচত সমগ্ৰ দেশতে চীনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ লগতে বিভিন্ন লোক, সংগঠনে চীনা সামগ্ৰী বৰ্জনৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়কঃকেনেকুৱা হ'ব বলয় গ্ৰাস সূৰ্যগ্ৰহণ ?

ABOUT THE AUTHOR

...view details