নলবাৰী,16 এপ্ৰিলঃ দেশজুৰি চলি থকা দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ত চৰম খাদ্য আৰু অৰ্থ সংকটত পৰিছে দেশৰ নিম্নবৰ্গীয় লোকসকল ৷ দৈনিক উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰি চলি থকা এইসকল লোকৰ সন্মুখত কৰ’ণা মহামাৰীতকৈও অধিক ভয়াৱহ আন এক সমস্যাই দেখা দিছে ৷ যাৰ ফলত সময়ে সময়ে লক ডাউন অমান্য কৰি জীৱিকাৰ বাবে ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হৈ পৰিছে এইচাম লোক ৷ বৃহস্পতিবাৰে এনে এক দৃশ্য দেখিবলৈ পোৱা গ’ল বৰক্ষেত্ৰীৰ দৌলাশালত ৷
চৰকাৰক সাহাৰ্য বিচাৰি অনুৰোধ ব্যক্তিগত খণ্ডৰ বাহনৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ - দ্বিতীয় পৰ্যায়ৰ লক ডাউন
চৰম খাদ্য সংকটত ভুগি বৰক্ষেত্ৰীৰ দৌলাশালৰ কেইবাজনো ব্যক্তিগত খণ্ডৰ বাছ,ট্ৰেভেলাৰৰ ড্ৰাইভাৰ,হেণ্ডিমেন সকলে চৰকাৰী নিৰ্দেশনাক অমান্য কৰি ৰাজপথলৈ ওলাই আহিল বৃহস্পতিবাৰে ৷ তেওঁলোকে ইউনিফৰ্ম পিন্ধি ওলাই আহি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত সাহাৰ্য প্ৰদানৰ বাবে আবেদন জনায় ৷
![চৰকাৰক সাহাৰ্য বিচাৰি অনুৰোধ ব্যক্তিগত খণ্ডৰ বাহনৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ private vehical driver handiman appeals government for help](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6819414-thumbnail-3x2-n.jpg)
চৰকাৰক সাহাৰ্য বিচাৰি অনুৰোধ ব্যক্তিগত খণ্ডৰ বাহনৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ
চৰকাৰক সাহাৰ্য বিচাৰি অনুৰোধ ব্যক্তিগত খণ্ডৰ বাহনৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ
উল্লেখ্য যে,চৰম খাদ্য সংকটত ভুগি অঞ্চলটোৰ কেইবাজনো ব্যক্তিগত খণ্ডৰ বাছ,ট্ৰেভেলাৰৰ ড্ৰাইভাৰ,হেণ্ডিমেন সকলে চৰকাৰী নিৰ্দেশনাক অমান্য কৰি ৰাজপথলৈ ওলাই আহিছে ৷ সাংবাদিকে তেওঁলোকক এইবিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে,দীর্ঘদিনীয়া লোক ডাউনৰ ফলত গাড়ী চলাই জীৱন নিৰ্বাহ কৰা এইসকল লোকে লঘোনে দিন পাৰ কৰিবলগীয়া হৈছে ৷ ইয়াৰ ফলত বৃহস্পতিবাৰে এইসকল ছালক,হেণ্ডিমেন ইউনিফৰ্ম পিন্ধি ওলাই আহি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত সাহাৰ্য প্ৰদানৰ বাবে আবেদন জনায় ৷