নলবাৰী, 16 জুলাই : নলবাৰী জিলা বিজেপি কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সংবাদমেল ৷ সংবাদমেলৰ পিছতে নলবাৰী বিজেপি কাৰ্যালয়ত টিহু মণ্ডলৰ টিফিন বৈঠকত ভাগ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ টিফিন বৈঠক সন্দৰ্ভত তেওঁ কয় যে, যিহেতু ভাৰতত বহু জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ লোক আছে, লগতে বিজেপি দলটোতো বিভিন্ন জাতি-জনগোষ্ঠী তথা ধৰ্মৰ লোক আছে ৷ সেয়েহে দলীয় কৰ্মী সকলৰ মাজত বন্ধুত্বপূৰ্ণ তথা সৌহাদ্যপূৰ্ণ বৃদ্ধি কৰিবলৈ এই টিফিন বৈঠকৰ আয়োজন কৰা হৈছে বুলি কয় তেওঁ ৷
লগতে মূল্যবৃদ্ধি সন্দৰ্ভতো সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীজনে ৷ তেওঁ কয় যে, মূল্যবৃদ্ধিক লৈ আমিয়ো উদ্বিগ্ন ৷ মানুহে ভবাতকৈয়ো দাম হয়তো বৃদ্ধি হৈছে ৷ তথাপিও আমাৰ চৰকাৰে ৰাইজক বিভিন্ন উপায়েৰে সকাহ দিয়াৰ চেষ্টা কৰিছে বুলি কয় মন্ত্ৰীজনে ৷ লগতে তেওঁ কয় যে, এইমূহুৰ্তত অসমত অবৈধ মজুতকাৰী নাই ৷
আনহাতে ভূপেন বৰাক প্ৰত্যাহ্বান জনাই মন্ত্ৰীজনে কয় যে, ভূপেন বৰাই দেখাই দিয়ক ক’ত চিণ্ডিকেট আছে ৷ তেওঁ দেখুৱাই দিয়ক কোনটো স্থানত টকা সংগ্ৰহ কৰা হয় পাচলিৰ বাবে ৷ এতিয়া বানপানীৰ বাবে ৰাজ্যত পাচলিৰ দামবৃদ্ধি হৈছে ৷ অসমত এতিয়া চিণ্ডিকেট নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ কয় যে, অসমীয়া মানুহে পূৰ্বৰ দৰে পাচলি খেতি কৰিব নোৱাৰা হ’ল ৷ এতিয়া খেতি নকৰা মানসিকতা গঢ়ি উঠিছে ৷ যিটো সময়ত আনে তিনিবাৰকৈ কৰি আছে আমাৰ মাত্ৰ এবাৰে খেতি হৈছে ৷ গতিকে মুখ্যমন্ত্ৰীৰ আহ্বানক সকলোৱে হাতেকামে সহযোগ কৰিব লাগে বুলি কয় তেওঁ ৷