অসম

assam

By

Published : Jul 17, 2023, 11:18 AM IST

ETV Bharat / state

Minister Jayanta Malla Baruah: বামপন্থাত থাকি কেতিয়াও ৰাষ্ট্ৰৰ সেৱক হ’ব নোৱাৰে; জয়ন্ত মল্ল বৰুৱা

দেওবাৰে নলবাৰী জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ বামপন্থাত থাকি কেতিয়াও ৰাষ্ট্ৰৰ সেৱক হ’ব নোৱাৰে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Press Meet of Minister Jayanta Malla Baruah
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

নলবাৰী, 17 জুলাই:অনুপ্ৰৱেশকাৰী মিঞাই আজি অসমীয়া মানুহক ধমক দিব পৰা হ’ল ৷ এইটো আমাৰ বাবে দুৰ্ভাগ্যজনক ৷ অসমীয়া মানুহে এই কথাটোকে বুজিব লাগিব যে, অনুপ্ৰৱেশকাৰীয়ে আমাক ধমক দিব, চেলেঞ্জ কৰিব ৷ এয়া সহ্য নহ’ব । আমি অসমীয়া মানুহ জাগ্ৰত হ’ব লাগিব ৷ তেওঁ হিন্দুৱেই হওক বা মুছলমানেই হওক যিসকল ভূমিপুত্ৰ তেওঁলোকে বুজিব লাগিব যে, এইটো আমাৰ অঞ্চল ৷ ইয়াত কোনো অনুপ্ৰৱেশকাৰীয়ে গ্ৰাস কৰিব নোৱাৰিব ৷ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ দেওবাৰে নলবাৰী জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ লগতে কয় যে, বহু অনুপ্ৰৱেশকাৰীয়ে বিভিন্ন বৃত্তিৰে আহি আমাক গ্ৰাস কৰাৰ চেষ্টা চলাইছে ৷ সেই গ্ৰাস কৰা মানুহখিনিক আমি ক্লীন কৰিবই লাগিব ৷ ইয়াত আৰু বেলেগ কথা নাই বুলি কয় মন্ত্ৰীজনে ৷ লগতে অনুপ্ৰৱেশকাৰীক যোগ্য প্ৰত্যুত্তৰ দিবই লাগিব বুলি কয় তেওঁ ৷

আনহাতে মন্ত্ৰীজনে কোনো ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ কয় যে, ভাৰতবৰ্ষৰ ইতিহাস চালে দেখা যায় যে, বামপন্থী সকল সদায় ৰাষ্ট্ৰ বিৰোধী হয়; তেওঁ যিয়েই নহওক কিয় ৷ বামপন্থা এনেকুৱা এটা পন্থা যিয়ে ৰাষ্ট্ৰবাদৰ বিৰোধ কৰে ৷ বামপন্থাত থাকি কেতিয়াও ৰাষ্ট্ৰৰ সেৱক হ’ব নোৱাৰে ৷ ৰাষ্ট্ৰৰ সেৱক হ’বলৈ ৰাষ্ট্ৰবাদী চিন্তাৰে আগবাঢ়িব লাগিব ৷ বামপন্থাই কেতিয়াও ৰাষ্ট্ৰবাদী চিন্তাৰে আগবাঢ়িব নোৱাৰে ৷ গতিকে বাম পন্থাত থকা মানুহ যিমানেই যি নহওক কিয়, কাৰোবাৰ জ্ঞান-গৰিমা থাকিব পাৰে কিন্তু সাধাৰণ মানুহৰ কথা বুজিবলৈ তেওঁলোকৰ অসুবিধা হয় বুলি উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ মন্ত্ৰীজনে কয় যে, যি সকল লোকে নিজৰ ঘৰত ডেৰ-দুই লাখ টকা দৰমহা পায়, তেওঁ কেনেকৈ সাধাৰণ মানুহে লাভ কৰা 1,250 টকাৰ মূল্য কেনেকৈ বুজিব বুলি উল্লেখ কৰে ৷

ইফালে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদা ঘূৰাই অনাৰ দাবীৰে দল-সংগঠনকে ধৰি বিভিন্ন ৰাজনৈতিক দল তথা সুৰক্ষা সমিতিয়ে প্ৰতিবাদ মুখৰ হৈ থকা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে, এই আন্দোলনত তৃতীয় শক্তি জড়িত হৈ আছে ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয় স্থানান্তৰকলৈ যি সকলে প্ৰতিবাদ কৰি আছে এই কাৰ্যত কোনো তৃতীয় শক্তি জড়িত হৈ আছে ৷ কংগ্ৰেছৰ দিনতো নলবাৰীৰ পৰা স্বাস্থ্য মন্ত্ৰী আছিল ৷ তেতিয়া কিয় নলবাৰীত মেডিকেল কলেজ স্থাপন কৰিব নোৱাৰিলে বুলি প্ৰশ্ন কৰে মন্ত্ৰী গৰাকীয়ে ৷ দেওবাৰে নলবাৰী জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল যোগে এই মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক:MLA Phani Bhusan Choudhury: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ফণীভূষণ চৌধুৰীৰ

ABOUT THE AUTHOR

...view details