নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সংবাদমেল - প্ৰবীন কুমাৰ ডেকা
অসমৰ অন্যতম প্ৰাচীন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলৰ আয়োজন কৰে দুৰ্গা পূজা পৰিচালনা সমিতিয়ে ৷ অসমৰ ৰাজ্যপালে বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব ৷ 38 টা ম'হ বলিৰ বাবে উচৰ্গা কৰিছে ভক্তই ৷

নলবাৰী, 11 ছেপ্তেম্বৰঃনলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সংবাদমেল ৷ অসমৰ অন্যতম প্ৰাচীন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলৰ আয়োজন কৰে দুৰ্গা পূজা পৰিচালনা সমিতিয়ে ৷ অহা 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া দুৰ্গা পূজাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত ৷ প্ৰায় 30 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা দেৱালয় সমিতিয়ে জনোৱা মতে, পানীৰ ওপৰত ওপঙি থকা নাঁৱৰ উপৰিও বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস সম্পৰ্কে প্ৰদৰ্শনীৰ আযোজন কৰিছে ৷ নৱমী পূজাৰ বিশেষ আকৰ্ষণ 38 টা ম'হ বলিৰ বাবে উচৰ্গা কৰিছে ভক্তই ৷ আনহাতে ষষ্ঠী পূজাৰ দিনা অসমৰ ৰাজ্যপালে বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে, সংবাদমেলত সম্পাদক ৰঞ্জিত বৰ্মন, সভাপতি প্ৰবীন কুমাৰ ডেকা আৰু ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাজনো উদ্যোক্তা উপস্থিত থাকে ৷