অসম

assam

ETV Bharat / state

Assam Sahitya Sabha : সাহিত্য সভাৰ কাৰ্যালয়তে অৱহেলিত জ্যোতিপ্ৰসাদ ! - Assam Sahitya Sabha

পুথিভঁৰালৰ অতিৰিক্ত কোঠা নিৰ্মাণৰ পৰিকল্পনাৰ বাবে আৱক্ষ মূৰ্তি পৰিষ্কাৰ কৰা হোৱা নাই । এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ । কৰ্মচাৰীক দুমাহৰ দৰমহা দিব অসম সাহিত্য সভাই (Assam Sahitya Sabha)। এই ঘোষণা অসম সাহিত্য সভাৰ ।

Assam Sahitya Sabha
অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে লাভ কৰিব দুমাহৰ দৰমহা

By

Published : Dec 14, 2022, 7:22 PM IST

নলবাৰী , ১৪ ডিচেম্বৰ:অসম সাহিত্য সভাৰ কাৰ্যালয় চৌহদতে অনাদৃত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি । কিন্তু কিয় অনাদৃত হৈ আছে জ্যোতিপ্ৰসাদৰ আৱক্ষ মূৰ্তি ? এই সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ আজৱ উত্তৰ । পুথিভঁৰালৰ অতিৰিক্ত কোঠা নিৰ্মাণৰ পৰিকল্পনাৰ বাবেহে হেনো পৰিষ্কাৰ কৰা হোৱা নাই জ্যোতিপ্ৰসাদৰ আৱক্ষ মূৰ্তি ।

সাহিত্য সভাৰ কাৰ্যালয়তে অৱহেলিত জ্যোতিপ্ৰসাদ !

নলবাৰী সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ (Press meet of Assam Sahitya Sabha) । ইফালে অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ অনাদায় দৰমহা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে । তেওঁ কয় যে ৪০ গৰাকী কৰ্মচাৰীক দুমাহৰ দৰমহা দিব অসম সাহিত্য সভাই । কৰ্মচাৰীৰ দৰমহাৰ বাবে মুক্ত শিক্ষা সংসদৰ পৰা ঋণ ল'ব অসম সাহিত্য সভাই ।

লগতে পঢ়ক:Wild elephants killed by electrical wires: আমগুৰিত ধোঁৱাচাঙত বন্যপ্ৰাণী সংৰক্ষণ আইন

ABOUT THE AUTHOR

...view details