নলবাৰী, 29 এপ্ৰিল :নলবাৰীত ভয়ানকভাৱে বৃদ্ধি ক'ভিড আক্ৰান্ত সংখ্যা ৷ বৃহস্পতিবাৰে দিনটোত জিলাখনত পুনৰ 120 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷ ইয়াৰ লগে লগে নলবাৰীত 754 গৰাকীলৈ বৃদ্ধি পায় ক'ভিড আক্ৰান্ত সংখ্যা ৷
24 ঘন্টাত নলবাৰীৰ ক'ভিড আক্ৰান্তৰ সংখ্যা 120 গৰাকী - corona
নলবাৰীত 754 গৰাকীলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ বৃহস্পতিবাৰে দিনটোত জিলাখনত পুনৰ 120 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ৷
24 ঘন্টাত নলবাৰীৰ ক'ভিড আক্ৰান্তৰ সংখ্যা 120 গৰাকী
নলবাৰী জিলাৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখন বৰ্তমানেও 676 গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে 589 গৰাকী ক'ভিড ৰোগী হোম আইচলেচনত আছে ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 39 গৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক: ডিব্ৰুগড় আৰক্ষী চাউনিত আলফা নেতা জীৱন মৰাণ