নলবাৰী, ৯ ফেব্ৰুৱাৰী:নলবাৰীৰ কালদিস্থিত দেৱ দামোদৰ সংঘত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম দেৱ দামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশন । অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনখন । এই অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ পূৰ্ণ উৎসাহ, উদ্দীপনাৰে প্ৰস্তুতি চলাইছে আয়োজকসকলে । প্ৰথম দিনা পতাকা উত্তোলন, গুৰুচৰিত আৰু ভাগৱত শোভাযাত্ৰা, নাম-প্ৰসংগৰে আৰম্ভ হ’ব সদৌ অসম দেৱ দামোদৰ সংঘ অধিৱেশনৰ কাৰ্যসূচী । তাৰ পিচেতে সদৌ অসম দেৱদামোদৰ সংঘ অধিৱেশনৰ পতাকা উত্তোলন কৰিব সংঘৰ ৰাজ্যিক সভাপতি হৰেন্দ্ৰ কুমাৰ নাথে (Conference of All Assam Devdamodar Sangha) ।
সংঘৰ পতাকা উত্তোলনৰ পিচত গুৰুচৰিত আৰু ভাগৱত লৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হ’ব । গুৰুচৰিত বহনকাৰী হিচাপে থাকিব চনেক তালুকদাৰ, ভূপেন বৰ্মন । আনহাতে ভাগৱত বহনকাৰী হিচাপে থাকিব ধৰণী বৰ্মন । উক্ত কাৰ্যসূচীৰ অন্তত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰিব বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, নলবাৰী জিলা দেৱদামোদৰ সংঘৰ সভাপতি জিতেন ডেকাৰ লগতে দেৱ দামোদৰ সংঘৰ শাখাৰ বিসয়ববীয়াসকলে (Devdamodar sangha in Nalbari) ।
ঠিক একেদৰে পুৱাৰ ভাগতে এক বিপনী উন্মোচনৰো কাৰ্যসূচী আয়োজন কৰা হ’ব অধিৱেশনস্থলীত । বিপনী উন্মোচক হিচাপে উপস্থিত থাকিব নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ । একেদৰে বিয়লিৰ ভাগত সনাতন সংস্কৃতি আৰু উত্তৰ-পূৱ ভাৰতত বিষ্ণু ভক্তি পৰম্পৰাক বিষয় হিচাপে লৈ অনুষ্ঠিত হ’ব এখন বিশাল ধৰ্মালোচনী সভা । সভাত সঞ্চালক হিচাপে উপস্থিত থাকিব নলবাৰী সংস্কৃত কলেজৰ অধ্যক্ষ দিব্যজ্যোতি বৰপূজাৰী (Nalbari Devdamodar sangha) ।