অসম

assam

By

Published : Jan 12, 2021, 7:40 AM IST

ETV Bharat / state

নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

নলবাৰীত ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে এছ এছ চি(SSC) আৰু বেংকিঙৰ বিনামূলীয়া প্ৰাক পৰীক্ষা প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

নলবাৰী,12জানুৱাৰীঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ । প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্য ছাত্ৰ সংগঠনটোৰ । সংগঠনটোৰ উদ্যোগত এছ এছ চি(SSC) আৰু বেংকিঙৰ বিনামূলীয়া প্ৰাক পৰীক্ষা প্ৰশিক্ষণ শিবিৰৰ সোমবাৰে শুভ উদ্বোধন কৰা হয় ।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

উল্লেখযোগ্য যে, Enlighten Civil Service Academy ৰ সহযোগত আৰম্ভ কৰা এই প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই । উদ্বোধনী অনুষ্ঠানটোত ভাগ লৈ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত নলবাৰীৰ ২৬ সংখ্যক স্থান প্ৰাপক তুলসীৰঞ্জণ কলিতা আৰু ৪০ সংখ্যক স্থান প্ৰাপক কৃতাঞ্জলি কাশ্যপে শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক উদ্দেশি উদগণিমূলক বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়কঃ চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ

ABOUT THE AUTHOR

...view details