অসম

assam

ETV Bharat / state

Poverty as Challenge: নলবাৰীৰ হীৰক বৰ্মনৰ সফলতা - a youth from Nalbari has proved it

নলবাৰীৰ হীৰক বৰ্মনৰ সফলতা (Poverty is not a barrier to success)। দৰিদ্ৰ পৰিয়ালৰ হীৰকে স্নাতকোত্তৰ পৰীক্ষাত গণিত বিষয়ত ৮২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । আৰ্থিক অভাৱৰ বাবে হীৰকে ট্ৰেক্টৰত কাম কৰাৰ উপৰিও দিছে মাংসৰ দোকান । ঘৰে ঘৰে টিউচন কৰি পঢ়াৰ খৰচ উলিয়াই মেধাৱী ছাত্ৰজনে ।

Success of Hirak Barman of Nalbari
নলবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ হীৰক বৰ্মনৰ সফলতা

By

Published : Jan 12, 2022, 3:41 PM IST

নলবাৰী,১২ জানুৱাৰী :মনৰ একাগ্ৰতা থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে (Poverty is not a barrier to success) । তাকেই যেন প্ৰমাণ কৰিলে নলবাৰীৰ বালিকৰীয়াৰ এগৰাকী মেধাৱী ছাত্ৰই । দৰিদ্ৰতাৰ মাজতো কষ্ট আৰু অধ্যৱসায়ৰ জৰিয়তে সদ্য ঘোষিত স্মাতকোত্তৰ পৰীক্ষাত সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ল হীৰক বৰ্মন নামৰ ছাত্ৰগৰাকী (Success of Hirak Barman of Nalbari) ।

প্ৰায় আঠ বছৰ পূৰ্বে হীৰকে হেৰুৱাইছিল নিজৰ পিতৃক । পিতৃৰ অনুপস্থিতিত ঘৰৰ ডাঙৰ ল'ৰা হীৰকে ঘৰখন চলোৱাৰ দায়িত্ব ল'বলগীয়া হৈছিল । পৰিয়ালটোৰ দায়িত্বৰ মাজতো হীৰকে নিজৰো পঢ়া শুনা ঠিকমতে চলাই গৈছিল । লক্ষণীয়ভাৱে মেধাৱী ছাত্ৰজনে দিনত ট্ৰেক্টৰত কাম কৰিছিল আৰু ঘৰখন চলাবলৈ গধুলি ঘৰৰ সন্মুখতে এখন মাংসৰ দোকান দিছিল ।

নিশা মানুহৰ ঘৰে ঘৰে গৈ টিউচনো কৰিছিল হীৰকে । তেনেদৰে হীৰকে নিজৰ পঢ়া খৰচ উলিওৱাৰ লগতে ঘৰখনো চলাই গৈছে । দৰিদ্ৰতা থকাৰ পাছতো যেন নিজৰ ভৱিষ্যতকলৈ কেতিয়া আপোচ কৰা নাছিল হীৰকে । যাৰ বাবে সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ আৰ্য্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত ৮২ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে হীৰকে ।

ছাত্ৰ সন্থাৰ বালীকৰীয়া শাখাৰ সভাপতিৰো দায়িত্বত আছে হীৰক । ইফালে ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ সপোন আছে হীৰকৰ । পিছে আৰ্থিক অৱস্থাৰ বাবেই যেন হীৰকে এইবাৰ কিছু থমকি ৰ'বলগীয়া হৈছে ।

আনহাতে চৰকাৰৰ কোনো এখন আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱা দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ হীৰকে বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰীৰ সহায় (Talented Hirak Barman needs financial help)। অঞ্চলটোৰ ৰাইজেও মেধাৱী ছাত্ৰগৰাকীক সহায়ৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক :মঙলবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ দল হৰিণৰ গণনাৰ কাম

ABOUT THE AUTHOR

...view details