অসম

assam

ETV Bharat / state

আৰ্থিক দৈন্যতা মেধাৰ বাবে প্ৰাচীৰ হ'ব নোৱাৰে! - নলবাৰী

বজাৰে বজাৰে চাহপাত বিক্ৰী কৰি কোনোমতে পৰিয়ালটো পোহপাল দিয়া কন্দৰ্প হালৈয়ে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী আৱাস গৃহ,প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন । জহি-খহি যাব ধৰা ঘৰটো মেৰামতিৰ বাবেও অৰ্থৰ অভাৱ নিশিতাৰ পিতৃৰ । আনকি পঢ়াৰ বাবে এখন টেবুলৰো অভাব নিশিতাৰ ।

Poor student of Nalbari
আৰ্থিক দৈন্যতা মেধাৰ বাবে প্ৰাচীৰ হ'ব নোৱাৰে!

By

Published : Jun 9, 2020, 8:24 PM IST

নলবাৰী, 9 জুন : আৰ্থিক দৈন্যতাক তীব্ৰ প্ৰত্যাহ্বান জনাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জিলিকি উঠিছে নলবাৰী জিলাৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ কন্যা । পশ্চিম নলবাৰীৰ চামতাৰ পিপলিবাৰী নিবাসী এগৰাকী সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ী কন্দৰ্প হালৈ আৰু চন্দ্ৰপ্ৰভা হালৈৰ কন্যা নিশিতা হালৈয়ে হাইস্কুল পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯৩% ৰে সুখ্যাতিৰে উত্তীৰ্ণ হয় ।

আৰ্থিক দৈন্যতা মেধাৰ বাবে প্ৰাচীৰ হ'ব নোৱাৰে!

বজাৰে বজাৰে চাহপাত বিক্ৰী কৰি কোনোমতে পৰিয়ালটো পোহপাল দিয়া কন্দৰ্প হালৈয়ে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী আৱাস গৃহ,প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ ধন। জহি-খহি যাব ধৰা ঘৰটো মেৰামতিৰ বাবেও অৰ্থৰ অভাব নিশিতাৰ পিতৃৰ । আনকি পঢ়াৰ বাবে এখন টেবুলৰো অভাব নিশিতাৰ । পঢ়া-শুনাৰ বাবে কোনো সুবিধা দিব নোৱাৰৰ পিছতো কন্যাৰ এনে ফলাফলৰ বাবে উচুপি কান্দি উঠিল পিতৃ- মাতৃ । এনে পৰিস্থিতিত নিজৰ কৰ্মৰ সাঁচতীয়া ধনেৰে কন্যাৰ শিক্ষাৰ খৰছ বহন কৰিছিল কন্দৰ্প হালৈয়ে ।

লগতে পঢ়কঃক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

পিপলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী নিশিতা হালৈয়ে অসমীয়াত ৯১, ইংৰাজীত ৯৩,সাধাৰণ বিজ্ঞানত ৮৩,সমাজ বিজ্ঞানত ৯৬, উচ্চ গণিতত ৯৮, সাধাৰণ গনিতত ৯৭ নম্বৰ লাভ কৰিছে । আৰ্থিক অবস্থাৰ বাবে ক'ত নামভৰ্তি কৰিব সেয়া এতিয়ালৈ সিদ্ধান্ত লোৱা নাই নিশিতাই । অতি কষ্টেৰে অধ্যয়ন অব্যাহত ৰখা নিশিতাৰ এনে সাফল্যত পশ্চিম নলবাৰীৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে । নিশিতাৰ উচ্চ শিক্ষাৰ বাবে এতিয়া আৰ্থিক দৈন্যতাই হেঙাৰ হিচাপে থিয় দিছে । সেয়েহে চৰকাৰ, দল-সংগঠন তথা ৰাইজক নিশিতাক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে ।


ABOUT THE AUTHOR

...view details