নলবাৰী, 29 মে’ :বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত আৰু গুণগত শিক্ষা সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰে অনুষ্ঠিত কৰি আহিছে গুণোৎসৱ ৷ কিন্তু ইয়াৰ পাছতো ভঙা বিদ্যালয় গৃহতে বহি পঢ়িবলগা হৈছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ অৱস্থাই অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ৷
1986 চনত স্থাপিত হোৱা কঞাজেনী মিলন প্ৰাথমিক বিদ্যালয়(Poor infrastructure of nalbari koyajeni milan lp school) খন 2013 চনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰাদেশীকৰণ কৰা হয় ৷ তেতিয়াৰ পৰা এটা বাঁহৰ ভঙা পঁজাতে পাঠদান চলি আছিল বিদ্যালয়খনৰ ৷ তাৰ মাজতে MSDP আঁচনিৰ অধীনত এটি গৃহ আৱণ্টন দিয়ে যদিও মাত্ৰ ভেটিটো নিৰ্মাণ কৰিয়ে কাম সামৰে বিদ্যালয় নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে ৷
সম্প্ৰতি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা গৃহটোৰ ওপৰত কোনোমতে এখন চালি সাজি দি টিনপাতৰ বেৰ দিয়েই পাঠদান কাৰ্য চলাই আছে ৷ কিন্তু ৰ’দ-বৰষুণ দুয়োটাতে পাঠদান কাৰ্য ব্যাহত হৈ পৰে ৷ ইতিমধ্যে বিদ্যালয়খনৰ পুনৰ নিৰ্মাণৰ বাবে বিয়াগোম শিক্ষা বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিসকলক বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে আবেদন জনাই আহিছে যদিও কোনোৱে ভ্ৰূক্ষেপ কৰা নাই বিদ্যালয়খনৰ সমস্যাক ৷