নলবাৰী, ৯ জুন :অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ (Assam HSLC results 2022) পাছতে চৰকাৰী বিদ্যালয়ৰ পুতৌ লগা ছবিখন পুনৰ এবাৰ পোহৰলৈ আহিছে । আশা কৰা ধৰণে অসমৰ চৰকাৰী বিদ্যালয়সমূহে ফলাফল দেখুৱাব নোৱাৰাত চিন্তাত পৰিছে বৌদ্ধিক মহল । কেৱল স্থান লাভৰ ক্ষেত্ৰতে নহয়, সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ দেখিও হতবাক অসমৰ জনসাধাৰণ । আনকি এনেকুৱা বহু চৰকাৰী বিদ্যালয় আছে য'ত এগৰাকী শিক্ষাৰ্থীও পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই (Poor HSLC results in govt school of Assam)।
নলবাৰী জিলাৰ মুকালমুৱাৰ এখন বিদ্যালয়ৰ ফলাফলক লৈ উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ ৰাইজ (Poor HSLC results of Rampur girls school)। ৰামপুৰ বালিকা বিদ্যালয় হাইস্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৬ গৰাকী ছাত্ৰী । কিন্তু মাত্ৰ চাৰিগৰাকী ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাকী ২২ গৰাকী ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব নোৱাৰিলে । বিদ্যালয়খনৰ এই পুতৌ লগা ফলাফলক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।