অসম

assam

ETV Bharat / state

Poor health services on char land: নৌকা স্বাস্থ্য সেৱাৰ অভাৱত চাঙীত উঠি চিকিৎসালয়লৈ ৰোগী - Poor health services on char land of Assam

নলবাৰীৰ মুকালমুৱাত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ ৷ নৌকা স্বাস্থ্য সেৱাৰ অভাৱত কান্ধত ভাৰ বান্ধি চিকিৎসালয়ৈ লৈ আহিল ৰোগী (Poor health services on char land) ৷

Poor Condition
চাঙীত উঠি চিকিৎসালয়লৈ ৰোগী

By

Published : Mar 15, 2023, 11:20 AM IST

চাঙীত উঠি চিকিৎসালয়লৈ ৰোগী

নলবাৰী, ১৪ মাৰ্চ :নলবাৰীৰ মুকালমুৱাত স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ । ৰাজ্যৰ স্বাস্থ্য বিভাগে উন্নয়নৰ ধাক-ঢোল বজাই থকাৰ সময়তে মুকালমুৱাত পুনৰ দেখা গ'ল কান্ধত ভাৰ বান্ধি ৰোগী কঢ়িওৱা দৃশ্য । মুকালমুৱাৰ নিশাৰ এই দৃশ্যই উদঙাইছে বিভাগটোৰ এখন পয়ালগা ছবি ।

আজিৰ প্ৰতিবেদনৰ জড়িয়তে আপোনালোকক নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱালৈ লৈ যাব বিচাৰিছো । চাপ্ৰাপাৰা নামৰ এই চৰ অঞ্চলটোৰ বাবে সাধাৰণতে নৌকা স্বাস্থ্য সেৱাৰ (Boat clinic) লগতে এম্বুলেঞ্চৰ ব্যৱস্থা থাকিব লাগে যদিও সেয়া নথকাৰ ফলত কান্ধত ভাৰ বান্ধি মুকালমুৱা চিকিৎসালয়লৈ কঢ়িয়াই আনিলে এগৰাকী ৰোগীক (Poor Condition of health sector in Nalbari) । মুকালমুৱা চিকিৎসালয়ত উপস্থিত হৈ ৰোগীগৰাকীৰ চিকিৎসা সম্পন্ন কৰি পুনৰ ভাৰ বান্ধিয়ে ঘৰলৈ লৈ গ'ল আত্মীয়ই ।

উল্লেখযোগ্য যে, দুৰ্গম চৰাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ কেইবা কিঃমিঃ খোজকাঢ়ি মুকালমুৱা চিকিৎসালয়লৈ ৰোগীক চাঙীত ভাৰ বান্ধি কঢ়িয়াই অনা দৃশ্য এতিয়াও সুলভ অঞ্চলটোত । কেইমাহমান পূৰ্বেও এনে এক বাতৰি সম্প্ৰচাৰ হৈছিল যদিও আজিও ৰোগীৰ চিকিৎসাৰ বাবে থাকিব লগা যাতায়তী ব্যৱস্থা সুচল হৈ নুঠিল চৰাঞ্চলখনত । কেৱল মাত্ৰ নথি-পত্ৰতহে চৰাঞ্চলৰ দুৰ্গম ঠাইবোৰৰ বাবে নৌকা স্বাস্থ্য সেৱাকে ধৰি বিভিন্ন মেডিকেল সেৱা উপলব্ধ, কিন্তু প্ৰকৃতাৰ্থত চৰাঞ্চলত এই সেৱা প্ৰদানৰ নামত একোৱেই হৈ উঠা দেখিবলৈ পোৱা নাযায় (Poor health services on char land of Assam) ।

বাঁহৰ চাঙী বনাই ভাৰ বান্ধি চৰাঞ্চলৰ লোকসকলে ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ এনেদৰে নিতৌ লৈ আহিবলগীয়া হয় মুকালমুৱা চিকিৎসালয়লৈ । এনেদৰে চিকিৎসাৰ নামত বছৰ বছৰ ধৰি যমৰ যান্ত্ৰনা ভূগি আহিছে চৰাঞ্চলৰ লোকসকলে । অকল চহৰ অঞ্চলত উন্নয়নৰ ধাক-ঢোল বজাই থকা স্বাস্থ্য বিভাগৰ এইয়াই হ'ল গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰকৃত ছবি ।

লগতে পঢ়ক :Medical staff locked patient: চিকিৎসালয়ৰ ভিতৰত চেলাইন লৈ শুই আছে ৰোগী, তলা মাৰি গুচি গ’ল কৰ্মচাৰী

ABOUT THE AUTHOR

...view details