অসম

assam

By

Published : Jun 8, 2022, 6:52 PM IST

Updated : Jun 8, 2022, 7:00 PM IST

ETV Bharat / state

HSLC Exam Result 2022 : আগ্ৰহ আৰু একাগ্ৰতাৰ প্ৰমাণ পিতৃহাৰা বৰষাৰ

আগ্ৰহ আৰু একাগ্ৰতা থাকিলে মানুহে যিকোনো পৰিস্থিতিতেই যিকোনো কাম কৰিব পাৰে ৷ তাৰেই প্ৰমাণ নলবাৰীৰ পিতৃহাৰা মেধাৱী ছাত্ৰী বৰষা তালুকদাৰৰ ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মুঠ 549 নম্বৰেৰে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ডিষ্টিংচন আজুৰি আনিবলৈ সক্ষম হৈছে বৰষাই (HSLC Exam Result 2022) ৷

আগ্ৰহ আৰু একাগ্ৰতাৰ প্ৰমাণ পিতৃহাৰা বৰষাৰ
আগ্ৰহ আৰু একাগ্ৰতাৰ প্ৰমাণ পিতৃহাৰা বৰষাৰ

নলবাৰী, 8 জুন : দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে । ইয়াক পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে নলবাৰীৰ পিতৃহাৰা মেধাৱী ছাত্ৰী বৰষা তালুকদাৰে ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত (HSLC Exam Result 2022) নলবাৰী তৰমাথাৰ মেধাৱী ছাত্ৰী বৰষা তালুকদাৰে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ডিষ্টিংচন আজুৰি আনিবলৈ সক্ষম হৈছে (Barasha passed HSLC exam with distinction) ৷

নলবাৰীৰ আৰিকুছিৰ মিলন হাইস্কুলৰ পৰা পিতৃহাৰা বৰষাৰ এই সফলতাত আনন্দিত হৈ পৰিছে তেওঁৰ পৰিয়ালবৰ্গৰ লগতে গাঁওবাসী ৷ মুঠ 549 নম্বৰেৰে উত্তীৰ্ণ হোৱা বৰষাই ইংৰাজীত 91, বিজ্ঞানত 91, সমাজ বিজ্ঞানত 100, সাধাৰণ গণিতত 95, হিন্দীত 87 আৰু অসমীয়া বিষয়ত 85 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

আগ্ৰহ আৰু একাগ্ৰতাৰ প্ৰমাণ পিতৃহাৰা বৰষাৰ

ইফালে আনন্দৰ মাজতে এতিয়া সৰগ ভাঙি পৰিছে বৰষাৰ বিধৱা মাতৃৰ মূৰত ৷ কাৰণ আৰ্থিকভাৱে তেনেই দুৰ্বল পৰিয়ালটোৱে বৰষাক উচ্চ শিক্ষা দিয়াৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে ৷ প্ৰায় আঠ বছৰ পূৰ্বে পিতৃ শ্যাম চন্দ্ৰ তালুকদাৰৰ মৃত্যুৰ পিছত মাতৃ কনিকা তালুকদাৰেই হ’ল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷

লগতে পঢ়ক :HSLC Exam Result 2022 : ধোনীৰ দৰে ক্ৰিকেটাৰ হোৱাৰ মন দশম স্থান প্ৰাপক সৌৰভ বৰ্মনৰ

আনৰ ঘৰে ঘৰে কাম কৰি বৰষা আৰু ভনীয়েকক ডাঙৰ দীঘল কৰি আহিছে তেওঁলোকৰ মাতৃয়ে ৷ লোকৰ ঘৰত কাম কৰিয়েই মাতৃয়ে বৰষাক মেট্ৰিক পাচ কৰালে ঠিকেই; পিছে বৰষাৰ ভাল ফলাফলে চিন্তিত কৰি তুলিছে মাতৃক ৷ ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ দুৰ্বাৰ হেঁপাহ পুহি ৰখা মেধাৱী বৰষাৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ মন ৷

আগ্ৰহ আৰু একাগ্ৰতাৰ প্ৰমাণ পিতৃহাৰা বৰষাৰ

কিন্তু আৰ্থিক অনাটনে জুৰুলা কৰা পৰিয়ালটোৰ হাতত নাই ধন ৷ কন্যাৰ সফলতাৰ খবৰত উৎফুল্লিত যদিও দৰিদ্ৰ মাতৃ কনিকা তালুকদাৰে মেধাৱী জীয়ৰীৰ সপোন পুৰাবলৈ এতিয়া আৰ্থিক দৈন্যতাৰ চিন্তাত উৱাদিহ নেপাই চকুলো টুকিব লগা হৈছে । পঢ়াৰ উপৰিও ঘৰ সজোৱা বিভিন্ন সামগ্ৰী বনাই ভাল পোৱা বৰষাও আজি নিৰুপায় ৷

সেয়ে উপায়ন্তৰ হৈ মাতৃ-কন্যা তথা গাঁওবাসীয়ে এই ক্ষেত্ৰত চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ পৰা বিচাৰিছে সহায় হাত ৷

লগতে পঢ়ক :HSLC Exam result 2022: অনুৰাগৰ ঘৰত উপস্থিত বিধায়ক ভুবন গাম

Last Updated : Jun 8, 2022, 7:00 PM IST

ABOUT THE AUTHOR

...view details