নলবাৰী,৩১ মে':এজাক শিশুৰ শিক্ষা গ্ৰহণৰ দুৰন্ত হেঁপাহ । সেয়ে বিপদসংকুলভাৱে টুলুঙা নাৱৰে পানীৰ মাজেৰেই যাত্ৰা কৰি প্ৰতিদিনে উপস্থিত হয় বিদ্যালয়ত । পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱৰে প্ৰতিদিনে বিদ্যালয়লৈ আহে এজাক শিশু । উদ্দেশ্য এটাই- পঢ়ি শুনি এজন ভাল মানুহ হোৱা(Students distressed journey due to lack of bridge) ।
মুকালমুৱাৰ সমীপতে বহ্মপুত্ৰ নৈৰ দাঁতিত অৱস্থিত কালাৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই দুৰাৱস্থা । বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নৈৰ এটি সুতিৰ দাঁতিত অৱস্থিত হোৱা কাৰণে সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী সুতিটোৰ আনটো পাৰৰ পৰা আহিব লাগে । কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নিতৌ টুলুঙা নাৱৰে বহ্মপুত্ৰৰ সুতিঁটো বিপদসংকুলভাৱে পাৰ হৈ উপস্থিত হয় বিদ্যালয়ত । তথাপিও হাজাৰ বাধাকো নেওচি কণ কণ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ত উপস্থিত হয় শিক্ষা গ্ৰহণ কৰিবলৈ ।
টুলুঙা নাৱৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা: গুণোৎসৱৰ মাজতে মুকালমুৱাৰ শিক্ষাৰ্থীৰ হাহাকাৰ ইফালে, বিদ্যালয়খনৰ ৯১ গৰাকী ছাত্ৰ-ছাত্ৰীক মাত্ৰ তিনিগৰাকী শিক্ষকে প্ৰতিদিনে দি আহিছে পাঠদান । শিক্ষকৰ অভাৱ আৰু বিদ্য়ালয়লৈ অহাযোৱাৰ সুব্যৱস্থা নথকাত হতাশ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল । প্ৰতিদিনেই জীৱনটো হাতৰ মুঠিত লৈ বিদ্যালয়লৈ আহে ছাত্ৰ-ছাত্ৰীসকল । আনহাতে তৃতীয় পৰ্যায়ত হবলগীয়া গুণোৎসৱৰ বাবে ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ সমান্তৰালকৈ কালাৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা ছাত্র ছাত্ৰী সকলেও প্ৰস্তুত হৈছে গুণোৎসৱৰ কাৰণে ।
কিন্তু এই নৌকা যাত্ৰাৰ বাবে বিবুধিত পৰিছে শিক্ষাৰ্থীসকল । সেয়েহে অতিশীঘ্ৰে তেওঁলোকক কিবা এটা ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী সকলে । নহ'লে কোন দিনা কি বিপদ নামি আহে সেয়া নিশ্চিতৰূপে ক'ব নোৱাৰি ।
লগত পঢ়ক:নলবাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন