ৰঙিয়া, 13 ছেপ্টেম্বৰ: ধোবাংবাং ৰাজ্যৰ চৰকাৰী বিদ্যালয় ৷ ৰাজ্যত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰেহে কৰে কিন্তু এতিয়াও গা ল’ৰা নাই একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ৷ শিক্ষা বিভাগৰ মানদণ্ড কৰাৰ হেতুকে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত কঠোৰ নিয়ম প্ৰৱৰ্তন কৰাৰ পিছতো চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে জ্বলা-কলা দেখুৱাইছে ছাত্ৰ-ছাত্ৰীক ৷
ৰঙিয়াৰ এখন চৰকাৰী বিদ্যালয়ত উভতগোৰে নচা দুই শিক্ষক-শিক্ষয়িত্ৰীৰ উৎপাতত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ বিপাঙত পৰিছে অভিভাৱক (Poor condition of Rangias govt school)৷ এইখন ৰঙিয়াৰ পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় ৷ অঞ্চলটোৰ লোকসকলে ভৰসা কৰিব পৰা এইখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰুৰ কৰ্ম-কাণ্ডই সকলোৰে চকু কঁপালত তুলিছে ৷
বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰী-ছাত্ৰীক বান্দৰ, চোৰ ডকাইত বুলি কৰে সম্বোধন ৷ এই অভিযোগ উত্থাপন কৰিলে খোদ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ শিক্ষাগুৰুৰ এনে ব্যৱহাৰত অতিষ্ঠ হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক ৷
ক্ষুব্ধ অভিভাৱকে সাংবাদিকক জনায় যে ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক একো নপঢ়ায় ৷ ল’ৰা ছোৱালীয়ে নিজৰ নামটো লিখিবও নাজানে ৷ ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে একো নাজানে, ছাত্ৰ-ছাত্ৰীক বেয়া ব্যৱহাৰ কৰে ৷ সময়মতে বিদ্যালত কেতিয়াও উপস্থিত নহয় বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ীত্ৰী ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ইমানেই শিক্ষা দিছে ছাত্ৰ-ছাত্ৰীক অভিভাৱকে ইয়াৰ পৰা ল’ৰা ছোৱালী লৈ যাবলৈ বাধ্য হৈছে ৷
এই কাণ্ডৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে উপযুক্ত পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীয়ে । উপায়হীন ৰাইজে অৱশেষত মঙলবাৰে দুয়োগৰাকী শিক্ষকক ঘেৰাও কৰি জবাবদিহি কৰে ৷