নলবাৰী, ২৯ মাৰ্চ :ধৰ্মপুৰৰ কৈঠালকুছি গাঁও পাকিস্তানৰ অন্তৰ্গত নেকি ? গাঁওখনক কিয় মাহীআইৰ দৃষ্টিৰে চায় চৰকাৰে ! এই প্ৰশ্ন গাঁওখনৰ জনতাৰ । লগতে মন্তব্য, চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে সিংহ পুৰুষৰ প্ৰয়োজন নাই ধৰ্মপুৰত (Assam minister Chandra Mohan Patowari) । হয়, এগৰাকী বহুবল্কী মন্ত্ৰীৰ সমষ্টিৰ বিধ্বস্ত যাতায়াত ব্যৱস্থাই এতিয়া যমৰ যাতনা ভোগাইছে সাধাৰণ জনতাক (poor road condition at Dharmapur Nalbari) ।
অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ তথা অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী হ’ল চন্দ্ৰমোহন পাটোৱাৰী ৷ পিছে সমষ্টিৰ উন্নয়নত ব্যৰ্থ চন্দ্ৰমোহন (Dharmapur MLA Chandra Mohan Patowari) । ধৰ্মপুৰৰ পৰা নলবাৰী আৰু বৰমা সমষ্টি সংযোগী দুটা পথেই বহন কৰিছে মন্ত্ৰী পাটোৱাৰীৰ উন্নয়নৰ নমুনা । ধৰ্মপুৰৰ কৈঠালকুছি-নলবাৰী, চামতা-কৈঠালকুছি আৰু কৈঠালকুছি-বৰমা সংযোগী প্ৰধান পথৰ দুৰৱস্থাৰ বাবে এতিয়া সৰ্বত্ৰে ক্ষোভ আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে । আনহাতে, বহুবল্কী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ বিধ্বস্ত পথে বছৰৰ পিছত বছৰ ধৰি জীয়াতু ভোগাই আহিছে জনতাক (poor condition of PWD roads in Dharmapur Nalbari) ৷
মৰণফাণ্ডত পৰিণত হৈছে কৈঠালকুছি-নলবাৰী সংযোগী গড়কাপ্তানী পথ ৷ যাতায়াতৰ বাবে একেবাৰেই অনুপযোগী হৈ পৰিছে কৈঠালকুছি-চামতা পথটোও ৷ পথ নহয় যেন পুখুৰীহে ৷ বাৰিষা যদি পুখুৰী হয়, খৰালি আকৌ মৰুভূমিৰ দৰে ধূলি উৰি থাকে এই মূল সংযোগী পথকেইটাত । স্থানীয় ৰাইজে বিধায়কগৰাকীক বাৰে বাৰে কাকুতি-মিনতি কৰি অতিষ্ঠ হৈ এতিয়া সংবাদ মাধ্যমৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে, যাতে মুখ্যমন্ত্ৰীয়ে সুদৃষ্টি ৰাখি পথছোৱা সোনকালে মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি দিয়ে ।