নলবাৰী, ২১ ডিচেম্বৰ :ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ মান উন্নত কৰাৰ বাবে গুণোৎসৱ, একত্ৰিকৰণ আদি বিভিন্ন ধৰণৰ পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰিছে চৰকাৰে । কিন্তু সেই আঁচনিবোৰে ৰাজ্যৰ কিছুমান অঞ্চল এতিয়াও ঢুকি পোৱা নাই । সেই অঞ্চলবোৰৰ ভিতৰত আছে নলবাৰীৰ বহুতো অঞ্চল ।
জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ দেখিলে আপুনিও আচৰিত হ'ব । মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ । মুকালমুৱাৰ উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলতে চলিছে শিক্ষাৰ্থীৰ পাঠদান (Pathetic condition of LP school in Nalbari)। বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অধীনস্থ উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত গছৰ তলত বহি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলে (Bhangnamari Model LP School condition)।
বৰষুণৰ বতৰত ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ অভাৱত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হয় । বিদ্যালয়খনত ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে মাত্ৰ দুগৰাকী । দুয়োগৰাকী শিক্ষকে বিভিন্ন সমস্যাৰে বিদ্যালয়খনত শিক্ষাদান কৰি আহিছে । বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ছবিয়ে একপ্ৰকাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ পোহৰলৈ আনিছে (Condition of Bhangnamari LP school in Nalbari)।