নলবাৰী, ১৪ জুন : ১৯৮৫ চনত অগপ চৰকাৰৰ দিনতে নলবাৰীত নিৰ্মাণ হৈছিল এখন পশু চিকিৎসালয় ৷ তেতিয়াৰ নলবাৰীৰ বিধায়ক নগেন শৰ্মাৰ দিনতে স্থাপন হোৱা এই পশু চিকিৎসালয়খন এতিয়া ভূত বাংলালৈ পৰিণত হৈছে । নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহজানীৰ অময়াপুৰ নন্দগাঁৱত অৱস্থিত এইখন পশু চিকিৎসালয় ।
প্ৰায় ৭/৮ খন গাঁৱৰ পশু ধনৰ একমাত্ৰ চিকিৎসাস্থলী এইখন পশু চিকিৎসালয় নন্দগাঁও পশু চিকিৎসালয় । সম্প্ৰতি ঘন হাবি জংঘলে আৱৰি ধৰিছে পশু চিকিৎসালয়খন । চিকিৎসক কৰ্মচাৰীৰ বহিবলৈ নাই কোনো উপযুক্ত চকী-মেজ । কোনোমতে কাঠৰ এখন বেঞ্চ, এখন টেবুলতে চাৰিজনকৈ চিকিৎসক কৰ্মচাৰীয়ে নিতৌ দায়িত্ব পালন কৰি আহিছে । চিকিৎসালয়খনত নাই দুৱাৰ-খিৰিকী নাই বিদ্যুৎ সেৱাও ।
গৰমত বিচনী ঘূৰাই ঘূৰাই কৰ্মচাৰীসকলে কাৰ্যালয়ত নিজৰ কাম কৰি থাকিবলগীয়া হৈছে । জৰাজীৰ্ণ ৰূপৰ লগতে চিকিৎসালয়খনত দিনৰ ভাগতে সাপৰ ভয়ত এঠাইত বহি থাকিব নোৱাৰি বুলি জানিবলৈ দিছে চিকিৎসকে ৷ সাপ ভেকুলীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে এইখন অময়াপুৰ নন্দগাঁও পশু চিকিৎসালয় ।