নলবাৰী, 4 আগষ্ট :নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা ছবি(Poor condition of a Primary school in Nalbari) । শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত চলিছে পাঠদান । নলবাৰী জিলাৰ বৰক্ষেত্ৰীত চৰকাৰী শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পয়ালগা ছবিয়ে দাঙি ধৰিছে শিক্ষাবিভাগৰ ফোঁপোলা স্বৰূপ ৷
বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বহু বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলত চলিছে পাঠদান ৷ আনকি একাংশ বিদ্যালয়ৰ একেটা কোঠাতে চাৰি, পাঁচটাকৈ শ্ৰেণীৰ পাঠদান চলিছে ৷ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ বেলবেলি প্ৰাথমিক বিদ্যালয়ৰ পয়ালগা ছবিয়ে দাঙি ধৰিছে শিক্ষাবিভাগৰ ফোঁপোলা স্বৰূপ ৷
বেলবেলিস্থিত প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ বাবে নাই এটা শ্ৰেণীকোঠা ৷ শ্ৰেণীকোঠাৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলে মুকলি আকাশৰ তলতে বস্তাত বহি শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ৷ জীৱনৰ কোনো ধৰণৰ নিৰাপত্তা অবিহনেই গছৰ তলত বহি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে ৷