অসম

assam

ETV Bharat / state

স্থানীয় ৰাইজৰ ৰোষত পৰিল আৰক্ষী বিষয়া

নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তই উৎকোচ লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ 22,000 টকা উৎকোচ লৈ অভিযুক্তক দিলে জামিন ৷

স্থানীয় ৰাইজৰ ৰোষত পৰিল আৰক্ষী বিষয়া

By

Published : Aug 1, 2019, 9:00 PM IST

নলবাৰী,1আগষ্ট: নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তই উৎকোচ লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বৃহস্পতিবাৰে অঞ্চলবাসী ক্ষোভিত হৈ কমাৰকুছি আৰক্ষী থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

স্থানীয় ৰাইজৰ ৰোষত পৰিল আৰক্ষী বিষয়া


উল্লেখ্য যে, কুমাৰ নমঃশুদ্ৰ নামৰ এজন মাছ ব্যৱসায়ীৰ লগত শিক্ষক বলেন ভড়ালী, ৰিন্টু ভড়ালী ,মিন্টু ভড়ালী আৰু বলিষ্ঠ ভড়ালীৰ সাধাৰণ এটা কথাতে তৰ্ক-বিতৰ্ক হয় ৷ এই বিতৰ্কৰ বাবে মাছমৰীয়াজনে কমাৰকুছি আৰক্ষী চকীত উত্তৰকুছীৰ শিক্ষক বলেন ভড়ালী, ৰিন্টু ভড়ালী ,মিন্টু ভড়ালী আৰু বলিষ্ঠ ভড়ালীৰ ওপৰত 29 জুনত তৰিছিল গোচৰ ৷ সেই গোচৰ মীমাংসা কৰিম বুলি আৰক্ষী বিষয়া আশীষ মহন্তই বুধবাৰে থানালৈ মাতি আনিছিল শিক্ষক বলেন ভড়ালী লগতে চাৰি অভিযুক্তক ৷ আৰক্ষী চকীত আহি পোৱাৰ লগে লগে চাৰি অভিযুক্তক লক-আপত ভৰাই অশালীন ব্যৱহাৰ কৰাৰ লগতে জামিনত এৰি দিম বুলি কৈ চল্লিশ হাজাৰ টকা দাবী কৰে বিষয়াজনে ৷ উপায়বিহীন হৈ অভিযুক্ত সকলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আশীষ মহন্তক 22,000 টকা উৎকোচ প্ৰদান কৰে ৷ টকা লৈ আশীষ মহন্তই অভিযুক্ত সকলক যাবলৈ দিয়ে ৷ ইফালে, এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজক শিক্ষক বলেন ভড়ালীয়ে অৱগত কৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷ ক্ষোভিত ৰাইজে আৰক্ষী বিষয়াৰ উপযুক্ত শাস্তিৰ দাবীত কমাৰকুছি থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ কৰে ৷

ABOUT THE AUTHOR

...view details