নলবাৰী,২৯ জুন :নলবাৰী জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । থানাৰ ভিতৰত নিশা কিশোৰীক উলংগ কৰি ফটো তোলাৰ অভিযোগ উঠিছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে । ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হৈছে এই ৰহস্যজনক ঘটনাটো ।
জানিব পৰা মতে ২১ জুনত কিশোৰীগৰাকীয়ে এজন লোকৰ সৈতে পলাই গৈছিল । সেই খবৰ একাংশ লোকে নলবাৰী আৰক্ষীক জনাইছিল । তাৰ পাছত দুয়োগৰাকীকে আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ আৰক্ষী থানালৈ লৈ আহে । অভিযোগ অনুসৰি গোটেই নিশা তেওঁলোকক আৰক্ষীয়ে থানাতে ৰাখিছিল । থানাৰ এগৰাকী আৰক্ষীয়ে নিশা কিশোৰীগৰাকীৰ উলংগ ফটো তুলিছিল ।
অভিযোগ অনুসৰি কিশোৰীগৰাকীক কাপোৰ খুলিবলৈ বাধ্য কৰিছিল উপ পৰিদৰ্শকজনে । কিন্তু কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ অমান্তি হোৱাত টাঙোনেৰে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল উপ পৰিদৰ্শকে । যাৰ বাবে কিশোৰীগৰাকীয়ে কপোৰ খুলিবলৈ বাধ্য হৈছিল । অভিযোগ অনুসৰি উপ পৰিদৰ্শকজনে নিজৰ ম'বাইলেৰে কিশোৰীগৰাকীক উলংগ অৱস্থাত ফটো তুলিছিল । এই সমগ্ৰ ঘটনাৰ বিষয়ে কিশোৰীগৰাকীয়ে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আন আৰক্ষীসকলক অৱগত কৰিছিল ।