অসম

assam

By

Published : Dec 1, 2020, 11:14 AM IST

ETV Bharat / state

নলবাৰীৰ মুকালমুৱাত আৰক্ষীক আক্ৰমণ গৰু চোৰৰ

মুকালমুৱাত আৰক্ষীক আক্ৰমণ ৷ গৰু চোৰৰ আক্ৰমণৰ বলি হ'ল কালমুৱা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শকসহ তিনি অসম আৰক্ষী বাহিনীৰ জোৱান ৷ দীৰ্ঘদিনৰ পৰা গৰু চুৰি কাণ্ডৰ লগত জড়িত হৈ থকা আবু বক্কাৰ ছিদ্দিক নামৰ গৰু চোৰটোৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলোৱাত আৰক্ষীক আক্ৰমণ কৰে গৰু চোৰৰ পৰিয়ালে ৷

As_nlb_Police_attack_vis_as10004
নলবাৰীৰ মুকালমুৱাত আৰক্ষীক আক্ৰমণ গৰু চোৰৰ

নলবাৰী,1 ডিচেম্বৰ: নলবাৰীৰ মুকালমুৱাত আৰক্ষী আক্ৰমণৰ ঘটনা ৷ গৰু চোৰ আবু বক্কাৰ ছিদ্দিক আৰু তেওঁৰ পৰিয়ালৰ ভয়াৱহ আক্ৰমণৰ বলি মুকালমুৱা আৰক্ষী থানাৰ চাৰি গৰাকীকৈ আৰক্ষী ৷ মুকালমুৱাৰ কুৰৱৰীত গৰু চোৰৰ বিৰুদ্ধে চলোৱা অভিযানত মুকালমুৱা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মকছেদ আলী আৰু অসম আৰক্ষী বাহিনীৰ জোৱান ক্ৰমে কন্দৰ্প নাথ,তপন দাস আৰু নয়ন তালুকদাৰ গুৰুতৰ ভাৱে আহত হয় ৷

নলবাৰীৰ মুকালমুৱাত আৰক্ষীক আক্ৰমণ গৰু চোৰৰ

দীৰ্ঘদিনৰ পৰা মুকালমুৱাত অব্যাহত আছে গৰু চোৰৰ ঘটনা ৷ আবু বক্কাৰ ছিদ্দিক নামৰ দুধৰ্ষ গৰু চোৰজনে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা গৰু চুৰি কাণ্ডৰ লগত জড়িত হৈ আছিল ৷ সোমবাৰে নলবাৰী আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ছফিকুল হুছেইনৰ নেতৃত্বত গৰু চোৰ আবু বক্কাৰ ছিদ্দিকৰ বাসগৃহত চলিছিল অভিযান ৷ মুকালমুৱা আৰক্ষী থানাত আবু বক্কাৰ ছিদ্দিকৰ বিৰুদ্ধে ৰুজু হৈ থকা 293,351,307/2020 গোচৰৰ ভিত্তিতে উপ আৰক্ষী অধীক্ষক গৰাকীয়ে চলাইছিল অভিযান ৷ অভিযান কালতে ছিদ্দিক আৰু তেওঁৰ পৰিয়ালে আক্ৰমণ চলাই আৰক্ষীৰ দলটোৰ ওপৰত ৷

নলবাৰীৰ মুকালমুৱাত আৰক্ষীক আক্ৰমণ গৰু চোৰৰ

ইফালে,আৰক্ষীৰ দলটোক আক্ৰমণ কৰি পলায়ন কৰে আবু বক্কাৰ ছিদ্দিকসহ পৰিয়ালটো ৷ অভিযানকালত মুকালমুৱা আৰক্ষীয়ে আবু বক্কাৰ ছিদ্দিকৰ পৰা দুখনকৈ চুৰি কৰা বাহন জব্দ কৰাৰ লগতে আবু বক্কাৰ গৰু চোৰৰ উপৰিও ATM চুৰি কাৰ্যতো জড়িত থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷

লগতে পঢ়ক:মৈৰাবাৰীত পথ দুৰ্ঘটনা : নিহত এজন

ABOUT THE AUTHOR

...view details