অসম

assam

ETV Bharat / state

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনিৰ পৰ্য্যালোচনা জিলা উপায়ুক্তৰ

জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকলৰ লগত মিলিত হয় নলবাৰী জিলাৰ উপায়ুক্ত গৰাকী ৷ সভাত উপস্থিত থাকে নলবাৰী জিলাৰ বৰভাগ, বৰক্ষেত্ৰী, বড়িগোগ, বনভাগ, মধুপুৰ ,পশ্চিম নলবাৰী, পূৱ নলবাৰী আৰু টিহুৰ মুঠ 7 টা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৷

PNRD schemes reviewe meeting by Nalbari DC
নলবাৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আঁচনিৰ পৰ্য্যালোচনা জিলা উপায়ুক্তৰ

By

Published : May 21, 2020, 8:34 PM IST

নলবাৰী, 21 মে': কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দিয়া লকডাউনৰ বাবে স্থবিৰ হৈ পৰিছে বিভিন্ন উন্নয়নমূলক কামসমূহ ৷ ইয়াৰ মাজতে লকডাউনৰ নিয়ম মানিও বহু কাম কৰিব পৰাকৈ শিথিল কৰা হৈছে নিয়মসমূহৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহৰ পৰ্য্যালোচনাৰ বাবে আয়োজন কৰে বিশেষ বৈঠক ৷ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকলৰ লগত মিলিত হয় নলবাৰী জিলাৰ উপায়ুক্ত গৰাকী ৷ সভাত উপস্থিত থাকে নলবাৰী জিলাৰ বৰভাগ, বৰক্ষেত্ৰী, বড়িগোগ, বনভাগ, মধুপুৰ ,পশ্চিম নলবাৰী, পূৱ নলবাৰী, আৰু টিহুৰ মুঠ 7 টা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৷

এই সভাত এম জি এনৰেগা, প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা, চতুৰ্দশ বিত্তীয় আয়োগ আদিৰ আঁচনিৰ বিষয়ে খণ্ড উন্নয়ন বিষয়া সকলৰ লগত আলোচনা কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ সভাত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে কোভিড-19 ৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে । বহিঃৰাজ্যৰ পৰা উভতি অহা শ্ৰমিক তথা কৰ্মানুৰাগী ব্যক্তিসকলক যাতে এম জি এন ৰেগাৰ জৱকাৰ্ড দি তেওঁলোকৰ জীৱিকা নিশ্চিত কৰিব পাৰি তাৰ বাবে কৰ্মপদ্ধতি যুগুতাবলৈ উপায়ুক্তগৰাকীয়ে খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ লগতে এই পৰিকল্পনা দুদিনৰ ভিতৰত দাখিল কৰিবলৈও খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ তদুপৰি কি অসুবিধাৰ বাবে খণ্ড উন্নয়ন বিষয়াসকলে 100 শতাংশ কাম ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই সেই বিষয়েও দুদিনৰ ভিতৰত জনাবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়কঃ হাজো আৰক্ষীক সম্বৰ্ধনা শিক্ষক সমাজৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details