নলবাৰী,১১ ফেব্ৰুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে । নলবাৰী জিলাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও শুকুৰবাৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে (PNRD contractual employees protest at Nalbari)। নলবাৰী জিলা পৰিষদৰ কাৰ্যালয় প্ৰাংগনত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাখনৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তত নিয়োজিত কৰ্মচাৰীসকলে ।
PNRD employees strike: নলবাৰীত PNRD ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট - নলবাৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ
নলবাৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ (PNRD contractual employees protest at Nalbari)। বিভিন্ন দাবীৰে উত্তাল কৰি তুলিলে সমগ্ৰ পৰিৱেশ । দাবী পূৰণ নহ'লে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ।
![PNRD employees strike: নলবাৰীত PNRD ঠিকাভিত্তিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট PNRD employees strike](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-14436680-1055-14436680-1644579958543.jpg)
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দাবীসমূহৰ ভিতৰত হৈছে চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ R.O.P.ৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্রযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্রদান কৰা । এই বিষয়টোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰো দাবী জনায় প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে ।
লগতে পঢ়ক :বুঢ়া আঙুলি দেখুওৱাৰ পিছতো কিয় শ্বেৰমান-শশীক বহিষ্কাৰ কৰিব পৰা নাই কংগ্ৰেছে ?