নলবাৰী, ২৮ এপ্ৰিল :নলবাৰী চিকিৎসা মহাবিদ্যালয় চৌহদত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰিলে নলবাৰী কৰ্কট ৰোগ নিৰাময় হাস্পতালৰ(Laid the foundation stone of Nalbari Cancer hospital) । নলবাৰীৰ দক্ষিণগাঁওস্থিত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন কৰা হয় এই আধাৰশিলা(Virtually launched six cancer hospitals in Assam) ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে অসমত উপস্থিত হৈ সাতখন কৰ্কট হাস্পতাল আনুষ্ঠানিকভাৱে মুকলি কৰে (Modi launched cancer Hospital in Assam) ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে হাস্পতালকেইখন মুকলি কৰাৰ সমান্তৰালভাৱে নতুনকৈ 7 খন কৰ্কট কেন্দ্ৰৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে । নলবাৰীৰ দক্ষিণ গাঁৱৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন হ’ব লগা কৰ্কট ৰোগ নিৰাময় হাস্পতালখনৰ আধাৰশিলা বিয়লি ৩ বজাত ভাৰ্চুৱেলী কৰা হয় ।