নলবাৰী, 22 ডিচেম্বৰ :চলিত মাহৰ 24, 25 আৰু 26 ডিচেম্বৰত তেলেংগানাৰ হায়দৰাবাদত তেলেংগানা টং-ইল-মুডো সন্থা (Tong-Il-Moo-do Martial Arts federation of hyderabad) ৰ উদ্যোগত আৰু ভাৰতীয় টং-ইল-মুডো সন্থাৰ অধীনত সপ্তম ৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্টছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷
এই প্ৰতিযোগিতাখন চাব জুনিয়ৰ, জুনিয়ৰ, চিনিয়ৰ আৰু কেডেট শাখাত অনুষ্ঠিত হ'ব ৷ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থা আৰু ভাৰতীয় স্কুল ক্ৰীড়া সন্থাৰ অধীনত স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ এটি 52 জনীয়া খেলুৱৈৰ দলে ৷ মঙলবাৰে অসমৰ পৰা ৰে’লযোগে হায়দৰাবাদলৈ যোৱা এই দলটোক নেতৃত্ব প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈয়ে ৷