নলবাৰী, 29 অক্টোবৰ:এখন বিশেষ ফটোৱে তোলপাৰ লগাইছে সমগ্ৰ নলবাৰী জিলাত ৷ নলবাৰী জিলাৰ চিকিৎসা খণ্ডৰ প্ৰাণকেন্দ্ৰ স্বৰূপ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষৰ বুলি চৰ্চিত এই ফটোখন দেখিলে আপুনিও ভাবিব এইখন পশু চিকিৎসালয় নে মানুহৰ চিকিৎসা কৰা চিকিৎসালয় (Viral photo of emergency ward of Hospital) ৷
চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষৰ বিচনা আৰু টেবুলত শুই থকা দেখা গৈছে দুটা কুকুৰ (Dog entered in Hospital emergency ward) ৷ চ’ছিয়েল মিডিয়াত ইয়াকে লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে (Nalbari Civil hospital dog controversy) ৷
ফটোখন নলবাৰী অসামৰিক চিকিৎসালয়ৰ বুলি চৰ্চিত হোৱাৰ পাচতেই এতিয়া বিভিন্নজনে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ একাংশৰ মতে নিয়োজিত কৰ্মচাৰীৰ গাফিলতিৰ বাবেই এইদৰে জৰুৰীকালীন কক্ষত প্ৰৱেশ কৰিব পাৰিছে কুকুৰে ৷ আন একাংশই আকৌ কুকুৰে ৰোগীক অনাকাংক্ষিতভাৱে আক্ৰমণ কৰিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে (Swahid Mukunda Kakati civil hospital) ৷