নলবাৰী, 28 আগষ্ট: বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত পথাৰ সদৃশ হৈ পৰিছে এটা পথ ৷ যাৰ বাবে সোমবাৰে ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত পথচোৱা আছে নলবাৰী জিলাৰ উত্তৰ কৈঠালকুছিত ৷ উল্লেখ্য যে নলবাৰী আৰু বাক্সা জিলাৰ অন্তৰ্গত বৰমা গোৱৰাদল-কৈঠালকুছি অংশৰ পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত যমৰ যাতনা ভুগিছে স্থানীয় ৰাইজে ৷ বৰষুণ দিলেই পুখুৰী সদৃশ হৈ পৰে উক্ত পথচোৱা ৷ আনহাতে বিধ্বস্ত পথচোৱাৰে ট্ৰাকৰ চলাৰ বাবে অধিক বেয়া হৈছে বুলি অভিযোগ কৰে ৰাইজে ৷
শেহতীয়াকৈ লোকনির্মাণ বিভাগৰ মুছলপুৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে 10 কোটি ব্যয় সাপেক্ষে বৰমাৰ পৰা উত্তৰ কৈঠালকুছিৰ মাজৰ অংশৰ প্রায় 6.5 কিঃমি পথ নিৰ্মাণ সম্পূৰ্ণ কৰিছে । কিন্তু পৰিতাপৰ বিষয় উক্ত পথটোৰ ধৰ্মপুৰ বিধানসভা সমষ্টিত অন্তৰভুক্ত উত্তৰ কৈঠালকুছিৰ প্রায় এক কিলোমিটাৰ পথ মেৰামতি নকৰাত সম্প্ৰতি পথচোৱাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷