দৰিদ্ৰ মেধাৱী ছাত্ৰ উজ্জ্বল দাসৰ কাষত জ্যোতি ছ'চাইটি
উজ্জ্বল দাস নামৰ ছাত্ৰজনে বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অসমীয়া, ৰাজনীতি বিজ্ঞান, তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত লেটাৰ মাৰ্কসহ ৮৪ শতাংশ নম্বৰৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল । কিন্তু আৰ্থিক দৈন্যতাৰ বাবে উচ্চশিক্ষা লাভৰ ক্ষেত্ৰত বাধাই দেখা দিছিল ছাত্ৰ জনক ৷
পাঠশালা,৩ জুলাই: গুৱাহাটীৰ ইন্দ্ৰপুৰৰ জ্যোতি ছ'চাইটিৰ প্ৰশংসনীয় পদক্ষেপ ৷ কামৰূপ জিলা(মহানগৰ)ৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থাটোৱে এগৰাকী দৰিদ্ৰ প্ৰতিভাসম্পন্ন কৃতি ছাত্ৰক পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰে ৷ শিয়ালমাৰী চুবুৰীৰ উজ্জ্বল দাস নামৰ ছাত্ৰজনে বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অসমীয়া,ৰাজনীতি বিজ্ঞান,তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত লেটাৰ মাৰ্কসহ ৮৪ শতাংশ নম্বৰলৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয় । কিন্তু আৰ্থিক দৈন্যতাৰ বাবে উচ্চশিক্ষা লাভৰ ক্ষেত্ৰত বাধাই দেখা দিছিল ছাত্ৰ জনক ৷ তেনে সময়তে গাঁওখনৰে এগৰাকী সচেতন যুৱক প্ৰভাত দাসে বিষয়টো গুৱাহাটীৰ জ্যোতি ছ'চাইটিক অৱগত কৰে ৷ তাৰ পিছতেই সংস্থাটোৱে ছাত্ৰজনৰ পঢ়াৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে ৷