অসম

assam

By

Published : Aug 21, 2019, 12:54 PM IST

Updated : Aug 21, 2019, 9:31 PM IST

ETV Bharat / state

আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষ

নাট্যকাৰ হেমন্ত দত্তক প্ৰদান কৰা হয় ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা ৷

আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষ

পাঠশালা,২১ আগষ্ট: নলবাৰীৰ পাঠশালাত মঙলবাৰে অসমৰ অন্যতম জনপ্ৰিয় নাট্যদল আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষৰ আৰম্ভ কৰা হয় ৷ বৰপেটা জিলা উপায়ুক্ত মুনিন্দ্ৰ কুমাৰ শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে আৱাহনৰ মঞ্চ ৷

আৱাহন থিয়েটাৰৰ ৪০ তম নাট্যবৰ্ষ

চলিত বৰ্ষত নাট্যকাৰ হেমন্ত দত্তক আৱাহন থিয়েটাৰে প্ৰদান কৰে ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা ৷ অনুষ্ঠানত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে উন্মোচন কৰে আৱাহন মুখপত্ৰ ৰংগবেদিকা ৷ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ সন্ধ্যা তৰা নাটেৰে মুকলি কৰা হয় আৱাহন থিয়েটাৰৰ চলিত বৰ্ষ মঞ্চ ৷ প্ৰযোজক কৃষ্ণ ৰয়ৰ পৰিৱৰ্তে এইবাৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ নেতৃত্বত আৱাহন থিয়েটাৰে নাট প্ৰদৰ্শন কৰে ৷ কৃষ্ণ ৰয় প্ৰতিষ্ঠাপক প্ৰযোজক হিচাপে জড়িত হৈ আছে আৱাহন থিয়েটাৰত ৷

Last Updated : Aug 21, 2019, 9:31 PM IST

ABOUT THE AUTHOR

...view details