নলবাৰী,১৪ ডিচেম্বৰ:ৰাজ্যত স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে চিকিৎসালয় সমূহত অনুষ্ঠিত কৰিছে স্বাস্থ্যসেৱা উৎসৱ । স্বাস্থ্যসেৱা উৎসৱত চিকিৎসালয়,স্বাস্থ্য কেন্দ্ৰসমূহত উচ্চ পদস্থ বিষয়াই পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱা দেখা গৈছিল । নলবাৰীৰ এখন চিকিৎসালয়ৰ দুৰাৱস্থাই উদঙাইছে গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ প্ৰকৃত ছবি ।
নলবাৰী জিলাৰ আদাবাৰীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক,ফাৰ্মাচিষ্ট,ড্ৰেচাৰ, স্বাস্থ্য কৰ্মী, প্ৰয়োজনীয় ঔষধ নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীয়ে । পূৱ বৰক্ষেত্ৰী মৌজাৰ লোকসকলৰ বাবে এইখন চিকিৎসালয়ে হৈছে একমাত্ৰ ভৰসাৰ স্থল । কোনো লোকৰ দুৰ্ঘটনা বা যিকোনো ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়খনলৈ আহিলে তেওঁলোকক সেৱা আগবঢ়াবলৈ চিকিৎসালয়খনত নাই এজনো ড্ৰেচাৰ ।
বৃহৎ অট্টালিকাৰে স্থাপন কৰা চিকিৎসালয়খনত প্ৰাপ্ত তথ্য অনুসৰি আছে মাত্ৰ তিনিগৰাকী চিকিৎসক । ইয়াৰে এগৰাকী অস্থায়ী হিচাপে কৰ্মৰত হৈ আছে । জানিব পৰা মতে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এগৰাকী আয়ুৰ্বেদিক ফাৰ্মাচিষ্টে চলাইছে ফাৰ্মাচিষ্ট বিভাগটো । কাগজে-কলমে তিনিগৰাকী ফাৰ্মাচিষ্ট আছে যদিও ইয়াৰে এগৰাকী বৰ্তমান সময়ত ছুটীত আছে আৰু এগৰাকী ফাৰ্মাচিষ্টে অন্য চিকিৎসালয়ত কৰ্মৰত হৈ আছে ।