নলবাৰী, 8 আগষ্ট: এগৰাকী ৮৫ বৰ্ষীয় ভাস্কৰ্য শিল্পী অশ্বিনী শৰ্মা ৷ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ভাস্কৰ্য শিল্প বিৰাজমান অসমৰ ভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ সমূহত ৷ সৰুৰে পৰা কলিকতাত অধ্যয়ন কৰি ভাস্কৰ্য শিল্পৰ প্ৰতি আকৃষ্ট হৈ পৰা শিল্পীগৰাকীয়ে 18-19 বছৰ বয়সতে আদ্য শৰ্মাৰ পৰা গ্ৰহণ কৰিছিল আনুষ্ঠানিক শিক্ষা ৷ পৰবৰ্তী সময়ত নলবাৰী হৰি মন্দিৰত বহু দেৱ-দেৱীৰ মূৰ্তিয়ে প্ৰাণ পাই উঠিছিল শিল্পী গৰাকীৰ হাতৰ পৰশত ৷ মঙলদৈ, তিনিচুকীয়া, উত্তৰ কাছাৰ গুৱাহাটীৰ লগতে, বহিঃৰাজ্যৰ ভিন্ন প্ৰান্ততো তেওঁ নিজ হাতে নিৰ্মাণ কৰা ভাস্কৰ্যই প্ৰাণ পাই উঠিছে ৷
ৰজাঘৰৰ দ্বাৰা অৱহেলিত এগৰাকী বৰ্ষীয়ান ভাস্কৰ্য শিল্পী - ভাস্কৰ্য
অসমৰ ভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ সমূহত ভাস্কৰ্য শিল্পী অশ্বিনী শৰ্মাৰ পৰশত প্ৰাণ পাই উঠা শিল্প বৰ্তমানেও বিৰাজমান ৷ কিন্তু ৮৫ বৰ্ষীয় ভাস্কৰ্য শিল্পী গৰাকীয়ে আজিলৈ চৰকাৰৰ পৰা নাপালে তেওঁৰ প্ৰাপ্য ৷
কিন্তু অতি পৰিতাপৰ বিষয় যে, শিল্পী গৰাকীয়ে আজিলৈ নাপালে তেওঁৰ প্ৰাপ্য স্বীকৃতি ৷ কেইবাটাও দল-সংগঠনৰ তৰফৰ পৰা ভিন্ন সময়ত সম্বৰ্ধনা লাভ কৰাৰ বাহিৰে, চৰকাৰৰ তৰফৰ পৰা তেওঁ আজিলৈ নাপালে কোনো সাহায্য ৷ 3-4 বাৰকৈ শিল্পী পেঞ্চনৰ বাবে আবেদন কৰা লোকগৰাকীয়ে আজি পৰ্যন্ত চৰকাৰৰ পৰা পোৱা নাই কোনো সুবিধা ৷ বয়সৰ চাপে স্বাস্থ্যৰ অৱনতি ঘটোৱা লোকগৰাকীৰ এতিয়া সু চিকিৎসা গ্ৰহাণৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱ ৷ শিল্পী পেঞ্চনটো বাদেই শিল্পীগৰাকীৰ পৰিয়ালে এতিয়ালৈ পোৱা নাই চৰকাৰী আৱাস যোজনাৰ ঘৰ এটাও ৷ কেৱল এটা শৌচাগাৰ প্ৰদান কৰিয়েই চৰকাৰে শিল্পী গৰাকীৰ বাবে থকা নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, বৰমা সমষ্টিৰ স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মৰো আহৰি হোৱা নাই শিল্পী গৰাকী খবৰ ল'বলৈ ৷ পৰিয়ালৰ আহ্বান শিল্পী গৰাকীক জীৱিত কালতেই যেন তেওঁৰ প্ৰাপ্য সন্মান প্ৰদান কৰি তেওঁক কিছু শান্তি প্ৰদান কৰে চৰকাৰে ৷
লগতে পঢ়ক:পেঙেৰী-ডিগবৈ সংযোগী পথত দুৰ্ঘটনা: কথমপি প্ৰাণ ৰক্ষা চালকৰ