অসম

assam

নলবাৰীত এগৰাকী প্ৰবীণ বিজেপি নেতাৰ দুৰৱস্থা....

By

Published : Nov 22, 2019, 11:33 PM IST

নলবাৰীত গেৰুৱা দলৰ "সবকা সাথ সবকা বিকাশৰ" ফোপোলা স্বৰপ ৷ ৰেচন কাৰ্ড,অনাময় আঁচনিৰ শৌচালয় নাই বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতি তথা ৰাজ্য চৰকাৰৰ অসম সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভান ৷ ঠাইৰ অভাৱত চৰকাৰে দিয়া দেহৰক্ষীক লৈ ভুগিছে সমস্যাত ৷

নলবাৰীত এগৰাকী প্ৰবীণ বিজেপি নেতাৰ দুৰৱস্থা....

নলবাৰী, 22 নৱেম্বৰ: ভাল দিনৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰত শাসনলৈ অহা মোদী চৰকাৰে শেহতীয়াকৈ শাসনত 5 বছৰ অতিক্ৰম কৰিলে ৷ 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনতো "সবকা সাথ সবকা বিকাশ" শ্লগানেৰে জনসাধাৰণৰ আস্থা জিকি গেৰুৱা দলে সাব্যস্ত কৰিলে নিৰকুংশ বিজয় ৷ কিন্তু প্ৰশ্ন হল এই পাঁচ বছৰত বাস্তৱত সঁচাকৈয়ে আহিল নে ভাল দিন? কেন্দ্ৰ আৰু ৰাজ্য সকলোতে বিজেপিৰ চৰকাৰ থকাৰ পাছতো কিন্তু অসমৰে নলবাৰীত দেখা গৈছে ভাল দিনৰ ওলোটা ছবি ৷ সাধাৰণ জনতাৰ কথাটো বাদেই খোদ নিজ দলীয় কৰ্মীৰ ক্ষেত্ৰতো বিকাশ আনিব পৰা নাই সাথ সবকা বিকাশ শ্লোগান দিয়া বিজেপি চৰকাৰে ৷

চৰকাৰে দিছে দেহৰক্ষী কিন্তু দেহৰক্ষী লগত ৰাখিবলৈ নাই বাহন!!

এইখন চৰকাৰৰ দিনতে ন্য়ূনতম এটা চৰকাৰী বাসগৃহ,ৰেচন কাৰ্ড,আনকি চৰকাৰী অনাময় আচঁনিৰ শৌচাগাৰ অবিহনে বৰ্তমান জীৱন নিৰ্বাহ কৰিছে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ নতুন দেহৰৰ তমুৰা গাঁৱৰ বাসিন্দা তথা অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ সভাপতিৰ লগতে ৰাজ্য চৰকাৰৰ অসম সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভানে ৷ ১৯৯৩ চনৰ পৰাই বিজেপি দলত সক্ৰিয়ভাৱে জড়িত থকা প্ৰবীণ বিজেপি নেতা আব্দুল চুভানৰ ঘৰৰ ভেটিটোৰ বাহিৰে বেলেগ একোৱে নাই,অনাময় ব্যৱস্থা বুলিবলৈ আছে টিনৰ চালিৰ ঘৰৰ কাষতে প্লাষ্টিকৰে মেৰিয়াই সাজি লোৱা এটা শৌচালয় ৷

নলবাৰীত ওলাল গেৰুৱা দলৰ "সবকা সাথ সবকা বিকাশৰ" ফোপোলা স্বৰপ

যি সময়ত সংখ্যালঘু লোকৰ কথা বাদেই সাধাৰণ লোকেও বিজেপিক গুৰুত্ব দিয়া নাছিল সেইসময়তে তমুৰাৰ দৰে এখন সংখ্যালঘু প্ৰধান গাঁৱৰ পৰা গেৰুৱা দলৰ হৈ কাম কৰিবলৈ ওলাই আহিছিল দৰিদ্ৰ সীমা ৰেখাৰ তলৰ আব্দুল চুভান ৷ কিন্তু সুদীৰ্ঘ ২৬ বছৰ কাল বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে গেৰুৱা দলৰ সেৱা কৰি অৱস্থাৰ পৰিৱৰ্তন নহ'ল আব্দুল চুভানৰ ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘৰৰ কাষৰেই এই গৰাকী প্ৰবীণ বিজেপি নেতাক শেহতীয়াকৈ সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক পদত অধিষ্ঠিত হোৱাৰ পাছত চৰকাৰে আগবঢ়াইছিল এজন দেহৰক্ষী কিন্তু সেই দেহৰক্ষীজনক লৈ এতিয়া সমস্যাত পৰিছে আব্দুল চুভান কিয়নো দেহৰক্ষীজনক ৰাখিবলৈ তেওঁৰ গৃহত নাই পৰ্যাপ্ত স্থান ৷ ইফালে বাহন বুলিবলৈ চুভানৰ আছে মাথো এখন চাইকেল ৷ দিনটো দলৰ কামত সেই চাইকেলখনকে চলাই ইফালৰ পৰা সিফাললৈ দলৰ কামত ঘূৰি ফুৰে আব্দুল চুভান কিন্ত দেহৰক্ষীক থৈ যায় ঘৰত কাৰণ তেওঁৰ চাইকেলত তেওঁৰ দেহৰক্ষীৰ বাবে নাই কোনো বহাৰ সুবিধা ৷

এতিয়া প্ৰশ্ন হয় কাৰ বাবে এই অৱস্থা সংখ্যালঘু উন্নয়ন নিগমৰ সঞ্চালক আব্দুল চুভানৰ? খোদ শাসকীয় দলৰ নেতা হোৱাৰ পাছতো কেৱল সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ বাবেই এইদৰে অৱহেলাৰ সন্মুখীন হ'ব লগা হৈছে নেকি আব্দুল চুভানৰ ? এতিয়া এই প্ৰতিবেদন চাই চুভানৰ দুৰৱস্থা ৰোধ কৰিবলৈ দলীয় নেতৃত্বই কি পদক্ষেপ লয় পৰৱৰ্তী সময়ত গম পোৱা যাব ৷

আৰু পঢ়ক: গোৱা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত 'ডঃ বেজবৰুৱা' আৰু 'বহুবৃত্ত'

ABOUT THE AUTHOR

...view details