নলবাৰী,25 জুন:সদ্যঘোষিত উচ্চতৰ মাধ্য়মিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত পাঁচটাকৈ স্থান লাভেৰে নলবাৰী জিলা জিলিকাই তুলিলে পাঁচগৰাকী কৃতিমানে ৷ জিলাখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় অসম ভেলী একাডেমি জুনিয়ৰ কলেজৰ পৰা কলা শাখাত পৰিণীতা বুজৰবৰুৱাই দখল কৰিবলৈ সক্ষম হৈছে সপ্তম স্থান । এগৰাকী অধ্যাপক হোৱাৰ আশা পুহি ৰখা ছাত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে দৈনিক ৮/৯ঘণ্টাকৈ অধ্যয়ন কৰিছিল ৷ কোনো ধৰণৰ টিউচনৰ সহায় নোলোৱাকৈ অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে কটন বিশ্ববিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তি কৰিব ৷
কলাত সপ্তম স্থান লাভ অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ পৰিণীতাৰ - কলা শাখাত সপ্তম স্থান
ইতিমধ্যে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত নলবাৰীৰ পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ ৷ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ পৰা পৰিণীতা বুজৰবৰুৱাই কলা শাখাত সপ্তম স্থান দখলেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷
অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ পৰিণীতাৰ কলাত সপ্তম স্থান লাভ
উল্লেখ্য যে,বৰভাগৰ বৰখলা গাঁৱৰ দীপক বুজৰবৰুৱা আৰু দীপিকা বুজৰবৰুৱাৰ কন্যা পৰিণীতাই মহাবিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাৰ ভিত্তিতে পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল বুলি ব্যক্ত কৰিছে ৷ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্য়মিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে কোনো শিক্ষাৰ্থীয়ে স্থান অৰ্জন কৰাত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ ৷
লগতে চাওকঃবাণিজ্যত অষ্টম স্থান দখলেৰে উজলিল নলবাৰীৰ প্ৰিয়া জৈন