অসম

assam

ETV Bharat / state

Nalbari Wine Shop Controversy : নতুন সুৰাৰ বিপণী মুকলিক লৈ বিৰোধিতা বিভিন্ন সংগঠনৰ - Nalbari Wine Shop Controversy

নলবাৰীত নতুনকৈ ১৭ খন সুৰাৰ বিপণী মুকলি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে (New wine shop in Nalbari)! ইতিমধ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন সংগঠনে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ।

Nalbari
নতুন সুৰাৰ বিপনী মুকলিক লৈ বিৰোধিতা বিভিন্ন সংগঠনৰ

By

Published : Nov 2, 2022, 2:30 PM IST

নলবাৰী,২ নৱেম্বৰ :প্ৰসংগ : নলবাৰীত সুৰাৰ বিপণীৰ অভিলেখ । নলবাৰী জিলাত আবকাৰী বিভাগে যথেষ্ট সংখ্যক সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিবলৈ যো-জা চলাইছে । এই বিষয়টোক লৈ ইতিমধ্যে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আবকাৰী বিভাগে বিষয়টো স্পষ্টভাৱে প্ৰকাশ নকৰিলেও ৰাজ্যৰ সংবাদ মাধ্যমত বিষয়টো প্ৰচাৰ হৈছে ।

জানিব পৰা মতে নলবাৰীত নতুনকৈ ১৭ খন সুৰাৰ বিপণী মুকলিৰ সিদ্ধান্ত লৈছে চৰকাৰে (New wine shop in Nalbari)। এই সম্পৰ্কে বিভিন্ন মাধ্যমত প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতে জাঙুৰ খাই উঠিছে নলবাৰীৰ বিভিন্ন দল-সংগঠন । বিভিন্নজনে অভিযোগ কৰা মতে প্ৰজ্ঞা নগৰী তথা শিক্ষাৰ নৱদ্বীপ খ্যাত নলবাৰীত সুৰাৰ বিপণী মুকলি কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে নলবাৰী জিলা ।

নতুন সুৰাৰ বিপনী মুকলিক লৈ বিৰোধিতা বিভিন্ন সংগঠনৰ

নলবাৰী ছাত্ৰ সন্থাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে (AASU opposes opening of wine shop in Nalbari)। নলবাৰী জিলাখনত দুজনকৈ কেবিনেট মন্ত্ৰী আছে লগতে মুখ্যমন্ত্ৰীৰ গৃহ জিলা হৈছে নলবাৰী । শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত আগবঢ়া নলবাৰীত জনসাধাৰণক অমান্য কৰি সুৰাৰ বিপণী মুকলি কৰা সিদ্ধান্তক গৰিহণা দিছে আছুৱে । যদি চৰকাৰে নলবাৰীত সুৰাৰ বিপণীৰে অভিলেখ গঢ়িব খোজে তাক বাধা দিবলৈ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা সাজু বুলিও দাবী জনাই আছু নেতা ৰিয়াজুদ্দিন আহমেদে (AASU slams Assam Govt)।

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নলবাৰীত সুৰা বিপণীৰ মুকলিৰ যো-জা চলোৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে (AJYCP opposes opening of wine shop in Nalbari)। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাই অভিযোগ কৰা মতে নলবাৰীৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে । নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত এখনো আৰু নতুনকৈ সুৰাৰ বিপণী নহ'ব বুলি কোৱাৰ পাছতো নতুনকৈ ১৭ খন সুৰাৰ বিপণী মুকলিৰে নলবাৰীত ষড়যন্ত্ৰ চলাইছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । সময় থাকোতে এনেবোৰ কাৰ্য বন্ধ কৰিবলৈ অসম চৰকাৰক দাবী জনাই নেতাগৰাকীয়ে ।

তথ্য মতে ৭৪ খনকৈ সুৰাৰ বিপণী আছে নলবাৰী জিলাখনত । ইয়াৰ উপৰিও জিলাখনৰ বিজুলীঘাটত এখন, পাইকাৰকুছিত দুখন, মুকালমুৱাত দুখন, চামতাত তিনিখন, কাপলাবড়িত এখন, নাথকুছিত দুখন, লোহাৰকাঠাত এখন, ৰামপুৰত এখন, দৌলাশালত এখন, বাঁহজানীত এখন, শনিৰোড চ’কত এখন আৰু পানীগাওঁ মিলন চ’কত এখন সুৰাৰ বিপণী মুকলি কৰাৰ যো-জা চলাইছে চৰকাৰে !

লগতে পঢ়ক :Cybersecurity Awareness Campaign: চাইবাৰ অপৰাধৰ পৰা উদ্ধাৰৰ প্ৰসংগত ধেমাজিত সজাগতা সভা

ABOUT THE AUTHOR

...view details