নলবাৰী, ৩০ ডিচেম্বৰ : শিক্ষাৰ নৱদ্বীপ ৰূপে খ্যাত নলবাৰীত শিক্ষা খণ্ডৰ এক পঁয়ালগা ৰূপ (poor condition of Govt School in Nalbari) । নলবাৰীত ইখনৰ পিছত সিখন প্ৰাথমিক বিদ্যালয়ৰ পুতৌলগা ছবিয়ে উদঙাই আহিছে ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা । নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত মুকালমুৱাৰ টিলাৰদিয়াত এখন জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয়ে উদঙাইছে শিক্ষা বিভাগৰ আন এক ফোঁপোলা স্বৰূপ ।
জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক (shortage of teachers in Nalbari LP school) । যাৰ ফলত উপযুক্ত পাঠদানৰ পৰা বঞ্চিত হ'বলগা হৈছে শিক্ষাৰ্থীসকল । বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত টিলাৰদিয়া প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকেৰে চলি আছে পাঠদান । পূৰ্বতে বিদ্যালয়খনত চৰকাৰে দুগৰাকী টে’ট শিক্ষয়ত্ৰী নিযুক্তি দিছিল যদিও চৰকাৰী নিৰ্দেশত পুনৰ মহিলা শিক্ষয়িত্ৰী দুগৰাকীক অন্য স্থানলৈ বদলি কৰে ।
২০১৯ চনৰ পৰা বিদ্যালয়খনত আজিলৈকে কোনো শিক্ষক নিযুক্তি নিদিয়াত অকলে পাঠদান কৰি আহিছে প্ৰধান শিক্ষকগৰাকীয়ে । প্ৰায় ২৫০ জন শিক্ষাৰ্থী থকা বিদ্যালয়খনত এজন শিক্ষকে পাঠদান কৰাৰ বিষয়টোৱে এতিয়া সকলোৰে চকু কপালত তুলিছে । ইয়াৰ উপৰি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অভাৱত বহিবলৈ ঠাই নোহোৱাত মাটিত বহিও পাঠদান কৰিবলগীয়া হয় কণ কণ ল'ৰা-ছোৱালীয়ে (lack of infrastructure in govt schools) ।
শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ শিক্ষা বিভাগে অনুষ্ঠিত কৰে গুণোৎসৱ । একাংশ বিদ্যালয়ত জাকজমকতাৰে গুণোৎসৱ আয়োজন কৰিছে যদিও বহু বিদ্যালয়ক উন্নয়নে ঢুকি পোৱা নাই আজি পৰ্যন্ত । অসম চৰকাৰ তথা শিক্ষা বিভাগক জৰাজীৰ্ণ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈ অনুৰোধ জনায় শিক্ষক তথা স্থানীয় ৰাইজে ।