নলবাৰী, 14 মে': নলবাৰীৰ পূৱ প্ৰান্তৰ গুৱাকুছি গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ জীৱন গাঁথা ৷ দুটাকৈ ব্ৰেইন টিউমাৰত আক্ৰান্ত মাইনু মণি চুলতানা নামৰ দুৰ্ভগীয়া ছাত্ৰীগৰাকী ৷ দুটাকৈ ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাৰ ফলত এতিয়া কাণেৰে নুশুনা হৈ পৰিছে ছাত্ৰীগৰাকীয়ে ৷ ইপিনে ছাত্ৰীগৰাকী এনেদৰে ৰোগত আক্ৰান্ত হোৱাত অমানিশা নামি আহিছে মাইনু মণি চুলতানাৰ পৰিয়াললৈ ৷ ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱ মধ্যবিত্ত পৰিয়ালটোৰ ৷ গুৱাকুছি অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালে পৰিয়ালটোক কিছু সহায় আগবঢ়াইছে যদিও সেয়া যথেষ্ট নহয় ৷
নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ জীৱন গাঁথা...
দুৰাৰোগ্য ৰোগত আক্ৰান্ত নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰী ৷ চিকিৎসা কৰিবলৈ ধনৰ অভাৱ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ৷ ফলত এতিয়া বিপাঙত পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালটো ৷
ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে প্ৰয়োজন প্ৰায় দহ লক্ষাধিক টকাৰ ৷ ইপিনে ছাত্ৰী গৰাকীৰ উন্নত মানৰ চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ পৰামৰ্শ দিছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই। যদিও চেন্নাইলৈ নিবলৈ ধন যুগুত কৰাত ব্যৰ্থ ছাত্ৰীগৰাকীৰ পিতৃ ৷ সেয়েহে অসহায় পৰিয়ালটোৱে সহায়ৰ হাত বিচাৰিছে ৰাইজৰ ৷ যদি কোনো সদাশয় লোকে যদি ছাত্ৰীগৰাকীক সহায় কৰিব বিচাৰিছে তেন্তে যোগাযোগ কৰিব পাৰে ছাত্ৰীগৰাকীৰ পিতৃৰ নলবাৰী SBI শাখাত থকা একাউণ্ট নম্বৰ 11004799868ত অন্যথা ছাত্ৰীগৰাকীৰ পিতৃৰ 6002754524 ফোন নম্বৰত ৷